28 C
Guwahati
Friday, September 23, 2022
More

    ৮ এপ্রিলৰ পৰা মহানগৰীৰ ৮২ টা স্থানত শাক-পাচলি বিক্ৰীৰ ব্যৱস্থা,চাওক তালিকা

    শাক-পাচলিৰ বিক্রেতাসকলক জিলা প্রশাসনৰ পৰা পৰিচয় পত্র প্রদান কৰা হ'ব আৰু প্রশাসনে অনুমােদন জনােৱা বাহনতহে বিক্রেতা সকলে মহানগৰীলৈ শাক-পাচলি আনিব পাৰিব

    কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সভাত লক ডাউন অব্যাহত থকা অৱস্থাত মহানগৰীত শাক-পাচলিৰ বিক্ৰী তথা যােগানৰ বিষয়টো জিলা প্রশাসন, আৰক্ষী, খাদ্য অসামৰিক যােগান, অসম ৰাজ্যিক কষি সামগ্রী বিপনণ পৰিষদৰ শীর্ষ বিষয়া সকলৰ সৈতে বিতং ভাবে আলােচনা কৰে। সভাত পামহী বজাৰ শাক-পাচলি ব্যৱসায়ী সন্থাৰ প্রতিনিধিও উপস্থিত আছিল। লকডাউন অব্যাহত থকা অৱস্থাত গুৱাহাটী মহানগৰবাসীৰ চাহিদাৰ প্রতি লক্ষ্য ৰাখি সভাত জিলা প্রশাসনে মহানগৰীৰ ৮২ টা স্থানত শাক-পাচলি বিক্ৰীৰ বাবে ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লয়।

    কামৰূপ মহানগৰ জিলাৰ খাদ্য অসামৰিক যােগান বিভাগৰ উদ্যোগত অসম ৰাজ্যিক কৃষি সামগ্রী বিপনণ পৰিষদে মহানগৰীৰ ৮২ টা স্থানত ভ্রাম্যমান ভিত্তিত শাক-পাচলিৰ বিক্ৰীৰ ব্যৱস্থা কৰিব। অহা ৮ এপ্রিলৰ পৰা গুৱাহাটী মহানগৰীত শাক-পাচলিৰ বিক্ৰীৰ এই ব্যৱস্থা পুনৰ আৰম্ভ হ’ব। লক ডাউন অব্যাহত থকা অৱস্থাত এই স্থানসমূহত শাকপাচলিৰ বিক্ৰীৰ সময়াে ধাৰ্য কৰা হৈছে।

    সেই মর্মে, ৰাতিপুৱা ৯ বজাৰ পৰা দিনৰ ২ বজালৈ এই স্থান সমূহত শাক-পাচলি বিক্ৰী কৰিব পাৰিব। শাক-পাচলি বিক্ৰীৰ সময়ত বিক্রেতা আৰু গ্ৰাহকে কৰ’ণা ভাইৰাছৰ সংক্রমণ ৰােধৰ বাবে স্বাস্থ্য বিভাগ তথা চৰকাৰে দিয়া বিধি-বিধান আৰু পৰিস্কাৰ পৰিচ্ছন্নতা মানি চলিব লাগিব। গ্রাহকসকলে সামাজিক দূৰত্ব বজাই ৰাখি নির্ধাৰিত স্থান সমূহত শাক-পাচলি ক্ৰয় কৰিব পাৰিব। শাক-পাচলিৰ বিক্রেতাসকলক জিলা প্রশাসনৰ পৰা পৰিচয় পত্র প্রদান কৰা হ’ব আৰু প্রশাসনে অনুমােদন জনােৱা বাহনতহে বিক্রেতা সকলে মহানগৰীলৈ শাক-পাচলি আনিব পাৰিব।

    Photo Credit: britannica.com

    Published:

    2 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং