‘কা’ বিৰোধী আন্দোলনত জপিয়াই পৰাৰ বাবেই শৃংখল চলিহাৰ পিছত এইবাৰ চৰকাৰৰ ৰঙাচকুৰ বলি হ’ব লগা হৈছে নাহৰকটীয়াৰ বীৰ লাচিত সেনাৰ চাচনী আঞ্চলিকৰ সভাপতি দেৱজিৎ দুৱৰা । উল্লেখযোগ্য যে নিশা চাচনী কুকুৰাপুহীয়াস্থিত তেওঁৰ বাসগৃহত দুখন নম্বৰ পেল্টবিহীন গাড়ীৰে উপস্থিত হয় ভাৰতীয় সেনাৰ পোছাক পৰিহিত এটা দল। কিন্তু তেওঁ ঘৰত অনুপস্থিত থকাত পত্নীয়ে প্ৰথমে ঘৰৰ ভিতৰলৈ সোমাবলৈ দিয়া নাছিল যদিও সেনা বাহিনীৰ দলটোৱে মহিলাগৰাকীক গতিয়াই ভিতৰত প্ৰৱেশ কৰে।
কিন্তু সেনাৰ তালাচীত ঘৰখনৰ পৰা কোনো ধৰণৰ আপত্তিজনক সা-সামগ্ৰী উদ্ধাৰ কৰিব পৰা হোৱা নাছিল সেনাই, ইয়াৰ পিছতো সেনা বাহিনীৰ দলটো সন্তুষ্ট নহোৱাত পুনৰ ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰে আৰু সেই চেগতে সেনা বাহিনীৰ দলটোৱে ঘৰৰ ভিতৰলৈ এটা পিষ্টল দলিয়াব লওঁতেই পত্নী হিমাদ্ৰী দুৱৰাই প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰে।
মহিলাগৰাকীৰ চিঞৰ শুনি ঘটনাস্থলীত উপস্থিত হয় স্থানীয় লোকসকল, স্থানীয় লোকসকলে হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰা লগতে ঘটনাস্থলীত উপস্থিত থকা এজন স্থানীয় যুৱকে ফেচবুক লাইভ কৰাত ফেচবুক লাইভ কৰা দেখি শেনটোৰ দৰে আহি ফেঁচাটোৰ দৰে উভতি যায় সেনা বাহিনীৰ বৃহৎ দলটো। ইয়াৰ পূৰ্বেও এনেদৰেই দেৱজিত দুৱৰাক সেনা আৰু আৰক্ষীয়ে অত্যাচাৰ চলাই আহিছিল আনকি কোনো ধৰণৰ প্ৰমাণ নহোৱাৰ স্বত্বেও এমাহৰ বাবে ৰঙা ঘৰৰ ভাত খাব লগা হৈছিল বীৰ লাচিত সেনাৰ চাচনী আঞ্চলিকৰ সভাপতিগৰাকীয়ে।
‘কা’ বিৰোধী আন্দোলনত জপিয়াই পৰিলেই এতিয়া চৰকাৰৰ আক্ৰোশৰ বলি হ’ব লগা হৈছে ৰাজ্যৰ ইজনৰ পিছত সিজন জাতীয়তাবাদী নেতা। প্ৰশ্ন হয় ৰাজ্যত আজিও অব্যাহত থকা ‘কা’ আন্দোলনক প্ৰতিহত কৰা চৰকাৰৰ এইয়া এক নতুন কৌশল? নে সঁচাকৈয়ে দেৱজিৎ দুৱৰা কোনো নিষিদ্ধ ঘোষিত সংগঠনৰ সৈতে জড়িত। সেয়া এক সঠিক আৰু নিকা উচ্চ পৰ্য্যায়ৰ তদন্তত হে সকলো পোহৰলৈ আহিব।
Photo Credit:@abdulrajjak