12.5 C
Guwahati
Saturday, January 29, 2022
More

    শৃংখল চলিহাক লৈ শংকিত বিজেপি; শাসনতন্ত্ৰক ভয় নাখায় বীৰ লাচিত সেনা অসমেঃ চিটু বৰুৱা

    বিজেপি দলৰ চৰকাৰে অসমৰ হাজাৰ হাজাৰ বিপ্লৱী কণ্ঠ আৰু জাতীয় অস্তিত্ব ৰক্ষাৰ আন্দোলনত স্বতঃস্ফূৰ্ত ভাবে ওলাই অহা ৰাইজক ৰখাব নোৱাৰে

    বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখল চলিহাক পুনৰ পুৰণা গোচৰত গ্ৰেপ্তাৰ সম্পৰ্কত বীৰ লাচিত সেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি চিটু বৰুৱাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। শাসনতন্ত্ৰৰ ষড়যন্ত্ৰত ভয় নাখায় বীৰ লাচিত সেনা অসমে।

    আপোচবিহীন বিপ্লৱী কণ্ঠেৰে জাতীয় চেতনা জাগ্ৰত কৰিব পৰা এক সংগ্ৰামী যুৱ নেতাক কাৰাগাৰত বন্দী কৰি থৈ শাসনাধিষ্ঠিত বিজেপি দলৰ চৰকাৰে অসমৰ হাজাৰ হাজাৰ বিপ্লৱী কণ্ঠ আৰু জাতীয় অস্তিত্ব ৰক্ষাৰ আন্দোলনত স্বতঃস্ফূৰ্ত ভাবে ওলাই অহা ৰাইজক ৰখাব নোৱাৰে। শৃংখল চলিহাৰ বিপ্লৱী কণ্ঠত শংকিত শাসনাধিষ্ঠিত দল বিজেপি।

    মৃণাল শইকীয়া, প্ৰদীপ দত্ত ৰয়, শিলাদিত্য দেৱক গ্ৰেপ্তাৰ কৰিব পাৰিলে নে চৰকাৰে…? সাহস নাই…! বীৰ লাচিত সেনা অসমে ৰাইজৰ সহযোগত ‘কা’ বিৰোধী আন্দোলন অব্যাহত ৰাখিব। আবুল তাবুল বকিছে প্ৰতাপী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

    Photo Credit:@sanjaypareek

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং