14.9 C
Guwahati
Monday, January 17, 2022
More

    বিশিষ্ট সাহিত্যিক তথা লোক সংগীতৰ সাধক গোকুল পাঠকৰ মহাপ্ৰয়াণ

    ৯৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বৰপেটাৰ মহীৰূহ গৰাকীয়ে

    বিশিষ্ট সাহিত্যিক, অভিনেতা তথা বৰপেটাৰ সমাজ জীৱনৰ ৰূপান্তৰৰ খনিকৰ লগতে লোক সংগীতৰ সাধক গোকুল পাঠকৰ মৃত্যু। কলাগুৰু বিষ্ণু ৰাভা, সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাৰ সংগী আছিল এই বিশিষ্ট ব্যক্তি গোকুল পাঠক। কালি নিশা প্ৰায় ৮.৩০ বজাত মহাপ্ৰয়াণ ঘটে সাহিত্যিকগৰাকীৰ।

    “বৰপেটা সত্ৰৰ ইতিহাস”ৰ লগতে কেইবাখনো মূল্যবান গ্ৰন্থৰ প্ৰণেতা গোকুল পাঠকে বাৰ্ধক্যজনিত ৰোগত ভূগি আছিল। ৯৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বৰপেটাৰ মহীৰূহ গৰাকীয়ে।

    উল্লেখ্য যে, ১৯২৬ চনৰ ১৪ অক্টোবৰত বৰনগৰৰ আমগুৰিৰ সাপনা গাঁৱত জন্মগ্ৰহণ কৰা গোকুল পাঠকে সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাৰ লগ লাগি সৰভোগৰ ব্ৰিটিছৰ সামৰিক ঘাঁটি জ্বলাই দিছিল। বিষ্ণু ৰাভাৰ সৈতে লগ লাগি গোকুল পাঠকে ভাৰতৰ স্বাধীনতা আন্দোলনৰ হকে বহু বিপ্লৱী কাৰ্য সংঘটিত কৰিছিল।

    পৰৱৰ্তী সময়ত তেওঁ শিল্পী, সাংবাদিক, সাহিত্যক, প্ৰৱন্ধকাৰ, গল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিক, গীতিকাৰ, গায়ক, লোক সংগীতৰ ধাৰক-বাহক আদি হিচাপে সেৱা আগবঢ়াইছিল। “বৰপেটা সত্ৰৰ ইতিহাস”ৰ লগতে কেইবাখনো মূল্যবান গ্ৰন্থৰ প্ৰণেতা গোকুল পাঠকে ১৯৬৮ চনৰ পৰা ১৯৯০ চনলৈ “আমাৰ দেশ” কাকতখনৰ লগত জড়িত হৈ থাকে।

    ইয়াৰ সমান্তৰালভাৱে তেওঁ “ৰূপান্তৰ” নামৰ আলোচনী এখনৰ সম্পাদনাত ব্ৰতী হয়। এই আলোচনীখন তেওঁ ১৯৬১ চনৰ পৰা ৬৭ চনলৈ সম্পাদনা কৰে। ইয়াৰ পিছত তেওঁ বহুকেইখন মল্যবান গ্ৰন্থ, নাটক আদি ৰচনা কৰে।

    অসম চৰকাৰৰ শিল্পী পেঞ্চন, বিষ্ণুৰাভা বঁটা লাভ কৰাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা বঁটা আৰু সন্মান লাভ কৰা পাঠকৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগতে তেওঁৰ গুনমুগ্ধসকলে শোকত ভাগি পৰে। তেওঁৰ মৃত্যুত অসম সত্ৰ মহাসভাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। জানিব পৰা মতে, আজি ৰাজ্যিক মৰ্যদাৰে শেষকৃত সম্পন্ন কৰা হ’ব মহীৰূহ গৰাকীৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং