16 C
Guwahati
Thursday, December 8, 2022
More

    কৰ’ণাক লৈ ধৰ্মীয় মেৰুকৰণ; মুছলমানক চিকিৎসা নকৰো বুলি বিজ্ঞাপন এখন হাস্পতালৰ

    কৰ'ণাত নিগেটিভ হ'লেহে সংখ্যালঘুৰ বাবে অন্য চিকিৎসা

    সমগ্ৰ বিশ্বতে সন্ত্ৰাস চলোৱা মহামাৰী কৰ’ণাৰ বাবে যথাসম্ভৱ সকলো সুৰক্ষা ব্যৱস্থাই গ্ৰহণ কৰিছে সকলো দেশেই। ভাৰতো ইয়াৰ গত্যন্তৰ নহয়। ভাৰততো প্ৰসাশনে জাৰি কৰিছে সুৰক্ষাৰ বাবে বহুতো নীতি-নিয়ম। ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাতো একপ্ৰকাৰ বাধ্যতামূলক কৰিছে প্ৰশাসনে।

    পিছে কিছুমানে কৰ’ণাত আক্ৰান্ত হোৱা পিছতো এনে নিয়ম নামানি মাস্ক পৰিধান নকৰাকৈয়ে আছে। সেয়ে উত্তৰ প্ৰদেশৰ মেৰুটৰ এখন কেন্সাৰ হাস্পতালে লৈছে এক বিশেষ পদক্ষেপ। যি পদক্ষেপৰ বিষয়ে ৰাজহুৱা কৰিবৰ বাবে এখন ৰাষ্ট্ৰীয় জনপ্ৰিয় বাতৰি কাকতৰ জৰিয়তে বিজ্ঞাপনো দিছে। বিজ্ঞাপন অনুসৰি হাস্পতাল খনত চিকিৎসা কৰা নহয় মুছলমানক।

    কৰ’ণাত নিগেটিভ হ’লেহে সংখ্যালঘুৰ বাবে অন্য চিকিৎসা। কৰ’ণাত পজিটিভ হ’লে সংখ্যালঘুৰ চিকিৎসা নকৰে বুলি বিজ্ঞাপনত উল্লেখ। এই বিজ্ঞাপন প্ৰকাশৰ লগে লগে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে উত্তৰ প্ৰদেশত। এই বিজ্ঞাপন প্ৰকাশ কৰিছে মেৰুটৰ ভেলেনটিজ কেন্সাৰ হাস্পতালে (Valentis Cancer Hospital)।

    কৰ’ণা নিগেটিভ হ’লেহে অন্য ৰোগ চিকিৎসাৰ বাবে আহিব পাৰিব। এটা সম্প্ৰদায়ৰ ব্যক্তিৰ ক্ষেত্ৰত এই বিজ্ঞাপন জাৰি কৰিছে হাস্পতালখনে। অৱশ্যে এই নিয়ম সংখ্যালঘু আৰক্ষী, চিকিৎসক, পেৰামেডিকেল ষ্টাফ ইত্যাদিৰ বাবে নহয়। বিজ্ঞাপনত কেন্সাৰ হাস্পতালখনে উল্লেখ কৰিছে বহু কেইটা নিয়ম।

    Photo Credit: Justdial and latest LY

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং