23 C
Guwahati
Sunday, November 28, 2021
More

    ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰা হ’ব অসমৰ ৩খন জিলাত

    ল্লেখ্য যে চামগুৰিস্থিত পাৱাৰ গ্ৰীডৰ পৰাই বিদ্যুৎ যোগান ধৰা হয় নগাঁৱৰ লগতে মৰিগাওঁ আৰু হোজাই জিলালৈও

    মধ্য অসমবাসীৰ বাবে এটা সুখবৰ। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ বিদ্যুতৰ সমস্যা হ্ৰাস হ’ব অতিশীঘ্ৰে।

    দীৰ্ঘদিন ধৰি তিনিওখন জিলাৰ গ্ৰাহকে বিদ্যুতৰ কম পাৱাৰৰ বাবে সমস্যাত ভুগি আছিল।

    যাৰ বাবে যথেষ্ট সমস্যাত ভুগিছিল এই ৩খন জিলাৰ ৰাইজে।

    কিন্তু শীঘ্ৰে এই সমস্যা নোহোৱা হ’ব এই ৩খন জিলাত। কাৰণ সমস্যা সমাধানৰ বাবে চামগুৰিৰ পাৱাৰ গ্ৰীডত সংস্থাপিত কৰা হৈছে ১৬০ মেগাৱাটৰ ট্ৰাঞ্চফৰ্মাৰ।

    উচ্চক্ষমতাসম্পন্ন এই ট্ৰাঞ্চফৰ্মাৰটো আজি উদ্বোধন কৰে APDCL/AEGCL/APGCLৰ অধক্ষ্য ভি,কে পিপাৰছেনীয়াই।

    সংবাদ মাধ্যমৰ আগত অধ্যক্ষগৰাকীয়ে কয় যে এই ট্ৰাঞ্চফৰ্মাৰটো সংযোজিত হোৱাৰ ফলত বিদ্যুতৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব ৰাইজে।

    জিলা ৩খনৰ প্ৰতিগৰাকী লোকৰ ঘৰতে সমান ভল্টেজৰ বিদ্যুৎ যোগান ধৰিব পাৰিব এই ট্ৰাঞ্চফৰ্মাৰটোৰ জৰিয়তে।

    উল্লেখ্য যে চামগুৰিস্থিত পাৱাৰ গ্ৰীডৰ পৰাই বিদ্যুৎ যোগান ধৰা হয় নগাঁৱৰ লগতে মৰিগাওঁ আৰু হোজাই জিলালৈও।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং