26 C
Guwahati
Thursday, September 29, 2022
More

    মন্ত্ৰীৰ বিৰুদ্ধে গাৰ্হস্থ্য হিংসাৰ অভিযোগ, কান্দি থকা পত্নীৰ ভিডিঅ’ ভাইৰেল

    'মোৰ স্বামীয়ে মোৰ মূৰত পিষ্টল টোৱাই হত্যাৰ ভাবুকি দিছিল, মোৰ দেহৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল আৰু নৃশংসভাৱে মাৰধৰ কৰিছিল। তেওঁ মোৰ পিতৃ-মাতৃ আৰু ভাতৃকো হত্যাৰ ভাবুকি প্ৰদান কৰিছিল

    উত্তৰ প্ৰদেশৰ মন্ত্ৰী আৰু যোগী চৰকাৰৰ বিজেপি নেতা বাবুৰাম নিছাদৰ পত্নীয়ে শুকুৰবাৰে স্বামীৰ বিৰুদ্ধে গাৰ্হস্থ্য হিংসা আৰু মূৰত পিষ্টল টোৱাই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে।

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই সন্দৰ্ভত হস্তক্ষেপ কৰাৰ দাবী জনাই, নীতু নিছাদে ক’লে যে তেওঁৰ স্বামীয়ে তেওঁক মাৰধৰ কৰিছে আৰু তেওঁক হত্যা কৰাৰ ভাবুকি দিয়ে। ‘মোক স্বামীয়ে পিষ্টলেৰে গুলীয়াই হত্যা কৰাৰ ভাবুকিও প্ৰদান কৰিছে। মোৰ স্ৱামী এগৰাকী মন্ত্ৰী হয়ো এইধৰণৰ ব্যৱহাৰ কৰে। ফেচবুক পোষ্টত এই কথা উল্লেখ কৰে পত্নী নীতু নিছাদে।

    Photo credit: up.punjabkesari.in

    স্বামী বাবুৰামে বিয়াৰ পিছৰে পৰা তেওঁক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাইছিল। ‘মোৰ স্বামীয়ে মোৰ মূৰত পিষ্টল টোৱাই হত্যাৰ ভাবুকি দিছিল, মোৰ দেহৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল আৰু নৃশংসভাৱে মাৰধৰ কৰিছিল। তেওঁ মোৰ পিতৃ-মাতৃ আৰু ভাতৃকো হত্যাৰ ভাবুকি প্ৰদান কৰিছিল।

    চাওক ভিভিঅ’

    Neetu Nishad ಅವರಿಂದ ಈ ದಿನದಂದು ಪೋಸ್ಟ್ ಮಾಡಲಾಗಿದೆ ಗುರುವಾರ, ಸೆಪ್ಟೆಂಬರ್ 26, 2019

    @neetu.nishad Facebook Video

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং