উত্তৰ প্ৰদেশৰ আলীগড়ত মঙলবাৰে দুৰ্ঘটনাত পতিত হয় এখন প্ৰাইভেট প্লেন। ধনীপুৰ বিমান বন্দৰত সংঘটিত এই দুৰ্ঘটনাত বিমানখনত থকা ৬ গৰাকী যাত্ৰীয়ে সুৰক্ষিত।
অৱতৰণৰ সময়তে বিদ্যুৎ পৰিবাহী তাঁৰত লাগি বিমানখন মাটিত বাগৰি পৰে। বিমানখন পৰিচালনাৰ বাবে আহিছিল আলীগড়লৈ।

স্থানীয় আৰক্ষীয়ে জনোৱা অনুসৰি বিমান সংস্থাই বিমানসমূহৰ মেৰামতিৰ বাবে ইঞ্জিনিয়াৰৰ এটা দল আজি দিল্লীৰ পৰা বিমানেৰে আলীগড়লৈ ৰাওনা হৈছিল আৰু য়েতিয়াই বিমানখন আলীগড়ৰ ধনীপুৰ বিমানবন্দৰত অৱতৰণ কৰি আছিল তেতিয়াই বিদ্যুৎ পৰিবাহী তাঁৰত লাগি দুৰ্ঘটনাত পতিত হয়। বিমানখনত আছিল ৪গৰাকী ইঞ্জিনিয়াৰসহ ২গৰাকী পাইলট। আটাইকেইজনেই সুৰক্ষিত।
প্ৰত্যক্ষদৰ্শীয়ে কোৱা অনুসৰি আজি পুৱা বিমান অৱতৰণৰ সময়ত ৩৩ হাজাৰ ভ’ল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শত আহে আৰু ইয়াৰ পিছতে বিমানখন অগ্নিদগ্ধ হয়। কথমপি প্ৰাণৰক্ষা বিমানখনত থকা যাত্ৰীকেইজনৰ।
Photo credit: mymahanagar.com