আজি ভাৰতত উপস্থিত হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব ট্ৰাম্প। কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। ট্ৰাম্পৰ সৈতে আহিব পত্নী মেলানিয়া ট্ৰাম্প, কন্যা ইভাংকা ট্ৰাম্প, জোঁৱায়েক আৰু এক উচ্চস্তৰীয় প্ৰতিনিধি মণ্ডল য’ত আছে ভাৰতীয় বংশোদ্ভৱৰ কেইবাগৰাকী লোক।
দিনৰ প্ৰায় ১২ বজাত আহমেদাবাদত উপস্থিত হ’ব ৰাষ্ট্ৰপতিগৰাকী। বিশেষ ব্যক্তিগত বিমানেৰে আহমেদাবাদৰ ছৰ্দাৰ বল্লভ ভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰত অৱতৰণ কৰিব ট্ৰাম্প। তাৰ পিছতেই দুপৰীয়া পোনে পোনে যাব সবৰমতি আশ্ৰমলৈ। তাৰ পিছত অংশগ্ৰহণ কৰিব আহমেদাবাদৰ মটেৰাৰ ‘নমস্তে ট্ৰাম্প’ কাৰ্যসূচীত। মটেৰাত প্ৰায় ১.১০ লাখ লোকক সম্বোধন কৰিব ট্ৰাম্পে।
গুজৰাটৰ পৰা দিল্লীত উপস্থিত হোৱাৰ পূৰ্বে পৰিয়ালসহ তাজমহল দৰ্শন কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। তাজমহল দৰ্শন কৰি সন্ধিয়া ৰাওনা হ’ব দিল্লীলৈ। আৰু দিল্লীতেই পৰৱৰ্তী কাৰ্যসূচী যেনে ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে আদৰণি, ৰাজঘাটৰ মহাত্মা গান্ধীৰ সমাধিত পুষ্পাঞ্জলি অৰ্পণ আদি সমাপন কৰিব।
ইয়াৰ পিছতে ট্ৰাম্প যাব হায়দৰাবাদলৈ। হায়দৰাবাদ হাউছত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে অংশ ল’ব এক বৈঠকত। হায়দৰাবাদ হাউছতে বুজাবুজিৰ চুক্তি আদান–প্ৰদান কৰিব দুই দেশৰ শীৰ্ষ নেতাই।
Photo Credit: Theprint