19 C
Guwahati
Tuesday, November 22, 2022
More

    দিল্লীঃ যিটো কোৱাৰাইণ্টাইন চেণ্টাৰত ৰখা হৈছে জামাতীক, তাৰ পৰাই দলিয়ালে মূত্ৰ ভৰ্তি বটল

    দেশত আটাইতকৈ অধিক লোক সংক্ৰমিত হৈছে মহাৰাষ্ট্ৰত। মহাৰাষ্ট্ৰত বিগত ১২ ঘণ্টাত পুনৰ ১৬২জন লোক আক্ৰান্ত হৈছে। ৰাজ্যখনত কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ১২৯৭জন। গুজৰাটত পুনৰ ৫৫জন লোক কৰ'ণাত আক্ৰান্ত হৈছে

    যিটো সময়ত কৰ’ণা ভাইৰাছ মহামাৰীক ৰোধ কৰিবলৈ দিল্লীসহ সমগ্ৰ দেশে যুদ্ধ সদৃশ চেষ্টা চলাই আছে, সেই সময়তে দিল্লীৰ দ্বাৰকাৰ ছেক্টৰ 16Bৰ দিল্লী চৰকাৰৰ কোৱাৰাইণ্টাইন চেণ্টাৰৰ পৰা মূত্ৰ ভৰ্তি বটল দলিয়াই। ফ্লেট নম্বৰ ১০৯ৰ পৰা ১১২ থকা জামাতিয়াসকলৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। এই ঘটনাটো সংঘটিত হৈছে মঙলবাৰে সন্ধিয়া ৬ বজাত। এই বটলসমূহ ফ্লেটৰ পাছফালে পানীৰ পাম্পৰ ওচৰত উদ্ধাৰ হয়। প্ৰস্ৰাৱ দলিয়াই কৰ’ণা বিয়পোৱাৰ চেষ্টা চলোৱাৰ অভিযোগ। কোৱাৰাইণ্টাইন চেণ্টাৰত নিয়োজিত হৈ থকা Civil volunteersয়ে এই ঘটনাৰ খবৰ দিয়ে। কোৱাৰাইণ্টাইন চেণ্টাৰৰ সহকাৰী পৰিচালকৰ অভিযোগত আৰক্ষীয়ে গোচৰ ৰুজু কৰে।

    উল্লেখ্য যে দেশত কৰ’ণা ভাইৰাছৰ বিপদ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। ভাৰতত COVID-19ৰ ফলত বৰ্তমানলৈ ১৬৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৫৭৩৪ লোক আক্ৰান্ত হৈছে। ৪৭৩ গৰাকী লোক সুস্থ হৈ ঘৰলৈ উভতিছে।

    দেশত কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হোৱাক লৈ ২১ দিনীয়া লকডাউনৰ ঘোষণা কৰিছিল আৰু এই লকডাউন ১৪ এপ্ৰিললৈ অব্যাহত থাকিব। ইয়াৰ মাজতে সূত্ৰই জনোৱা অনুসৰি কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা যিটো গতিত বৃদ্ধি হ’বলৈ ধৰিছে সেইবাবে ৰাজ্যৰ বিশেষজ্ঞসকলে লকডাউনৰ সময়সীমা বৃদ্ধি কৰাৰ আহ্বান জনাইছে কেন্দ্ৰক।

    দেশত আটাইতকৈ অধিক লোক সংক্ৰমিত হৈছে মহাৰাষ্ট্ৰত। মহাৰাষ্ট্ৰত বিগত ১২ ঘণ্টাত পুনৰ ১৬২জন লোক আক্ৰান্ত হৈছে। ৰাজ্যখনত কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ১২৯৭জন। গুজৰাটত পুনৰ ৫৫জন লোক কৰ’ণাত আক্ৰান্ত হৈছে।

    Photo credit: https://khabar.ndtv.com/

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং