26 C
Guwahati
Thursday, September 29, 2022
More

    ৭বছৰৰ কাৰাবাস,৫লাখ টকাৰ জৰিমনা; স্বাস্থ্যসেৱাৰ সৈতে জড়িত লোকক আক্ৰমণ কৰিলে হ’ব এই শাস্তি

    কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা অধ্যাদেশক অনুমোদন জনাইছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে

    চিকিৎসক,নাৰ্ছ,স্বাস্থ্যকৰ্মী প্ৰায়ে উন্মত্ত লোকৰ আক্ৰমণৰ বলি হোৱা ঘটনা পোহৰলৈ আহি থাকে। জীৱনৰ নিৰাপত্তাহীনতাত ভূগে স্বাস্থ্যসেৱাত নিয়োজিত লোকসকলে। কৰ’ণা সংক্ৰমণৰ সময়তো চিকিৎসাত নিয়োজিত চিকিৎসক,নাৰ্ছক আক্ৰমণ কৰিছে কিছুমান অবিবেচকী লোকে।।দেশৰ প্ৰান্তে প্ৰান্তে এচামে আক্ৰমণ কৰিছিল চিকিৎসক-নাৰ্ছ-চিকিৎসাকৰ্মীক।

    এতিয়াৰে পৰা চিকিৎসক,নাৰ্ছ,চিকিৎসাকৰ্মীক আক্ৰমণ কৰিলেই যাব লাগিব কাৰাগাৰলৈ।এই সন্দৰ্ভত কেন্দ্ৰৰ এই সিদ্ধান্তক অনুমোদন জনাইছে ৰাষ্ট্ৰপতিয়ে।কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা অধ্যাদেশক অনুমোদন জনাইছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।ৰাষ্ট্ৰপতিয়ে অনুমোদন কৰাৰ পিছতে পৰিৱৰ্তিত হ’ল কঠোৰ আইনলৈ।

    ২২ এপ্ৰিলত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাবেৰকাৰে ঘোষণা কৰিছিল এই কথা।চিকিৎসক,নাৰ্ছক আক্ৰমণ কৰিলে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি কৰিছিল ঘোষণা। চিকিৎসাসেৱাৰ সৈতে জড়িত লোকক আক্ৰমণ কৰা দুৰ্বৃত্তই খাটিব লাগিব ৭ বছৰ পৰ্যন্ত কাৰাবাস আৰু ভৰিব লাগিব ৫লাখ টকাৰ জৰিমনা।

    Photo Credit: favpng.com

    Published:

    3 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং