15 C
Guwahati
Tuesday, January 25, 2022
More

    ৮ জোৱানৰ হত্যাৰ পোতক তুলিলে আৰক্ষীয়ে, অৱশেষত ৰঙাঘৰলৈ বিকাশ ডুবে

    উত্তৰ প্ৰদেশৰ গেংষ্টাৰ বিকাশ ডুবে অৱশেষত আৰক্ষীৰ জালত পৰিল। দীৰ্ঘদিনে অভিযান চলাই আৰক্ষীয়ে ডুবেক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল যদিও অৱশেষত এই ভাল খবৰটো আহিল। মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ হোৱা বিকাশ ডুবে যোৱা সপ্তাহত ৮ গৰাকী আৰক্ষীৰ লোকক হত্যাৰ অভিযোগত অভিযুক্ত।

    কেৱল বিকাশক গ্ৰেপ্তাৰ কৰিয়ে আৰক্ষীয়ে দায়িত্ব সামৰা নাই, তাৰ সমান্তৰালকৈ তেওঁৰ ২ সহযোগীকো আৰক্ষীয়ে এনকাউন্টাৰ কৰিবলৈ সক্ষম হৈছে। উজ্জেইনত গ্ৰেপ্তাৰ হোৱা বিকাশে বাৰুকৈয়ে অসুবিধাত পেলাইছিল আৰক্ষীক। যোৱা শুকুৰবাৰে বিকাশক গ্ৰেপ্তাৰ কৰিবলৈ যোৱাৰ সময়তে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল ৮ গৰাকীকৈ আৰক্ষীৰ লোকে। বিকাশক গ্ৰেপ্তাৰ কৰিবলৈ কানপুৰৰ চৌবেপুৰলৈ যোৱাৰ সময়তে আৰক্ষীৰ দলটোক আক্ৰমণ কৰি প্ৰাণ কাঢ়ি নিয়া হৈছিল।

    উল্লেখ্য যে, ডুবেৰ বিৰুদ্ধে আছে ৬০টাৰো অধিক অপৰাধমূলক গোচৰ। হত্যা, অপহৰণৰ লগতে আন কেবাটাও অপৰাধমূলক গোচৰত অভিযুক্ত বিকাশক আৰক্ষীয়ে আটক কৰিবলৈ যোৱাৰ খবৰ তেওঁ আগতিয়াকৈ লাভ কৰিছিল। যাৰ বাবে ৮ গৰাকী আৰক্ষী জোৱানৰ প্ৰাণ কাঢ়ি নিবলৈ সক্ষম হৈছিল।

    Photo Credit: NDTV.COM

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং