27 C
Guwahati
Wednesday, October 13, 2021
More

    ৩৫ লোকে কৰিলে বলাৎকাৰ, বনালে আপত্তিজনক ভিডিঅ’

    ভিডিঅ' দেখুৱাই আৰু ভুক্তভোগী মহিলাগৰাকীৰ সন্তানৰ মৃত্যুৰ ভাবুকি দি কৰি গ'ল অত্যাচাৰৰ পিছত অত্যাচাৰ

    নাগৰিকত্ব সংশোধনী আইনক লৈ সমগ্ৰ দেশতে জুই জলি থকাৰ মাজতে পোহৰলৈ আহিছে এক হৃদয় বিদাৰক ঘটনা। এবছৰ ধৰি এগৰাকী মহিলাক বলাৎকাৰ ৩৫ লোকৰ। প্ৰথমে আপত্তিজনক ভিডিঅ’ বনাই পিছলৈ তাৰেই গইনা লৈ মুঠ ৩৫ জনে কৰিলে ভুক্তভোগী মহিলাগৰাকীৰ ওপৰত অত্যাচাৰ।

    এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বৰেলীত। দিন মজুৰি কৰি পৰিয়াল চলোৱা মানুহ ঘৰলৈ এদিন পানী খোৱাৰ চলনাৰে দুজন লোক সোমাই গৈছিল ভুক্তভোগীৰ ঘৰলৈ। তাতেই মহিলাগৰাকীক দুই পাষণ্ডই বলাৎকাৰ কৰিলে আৰু লগতে বনালে আপত্তিজনক ভিডিঅ’। তাৰ পিছৰে পৰাই সেই ভিডিঅ’ দেখুৱাই আৰু ভুক্তভোগী মহিলাগৰাকীৰ সন্তানৰ মৃত্যুৰ ভাবুকি দি কৰি গ’ল অত্যাচাৰৰ পিছত অত্যাচাৰ।

    দুই পাষণ্ডই নিজে অহাৰ লগতে মহিলাগৰাকীৰ ওচৰলৈ লৈ আহিলে অন্য লোককো। আৰু বিগত এটা বছৰে এইদৰে অত্যাচাৰ চলিল ভুক্তভোগী দুটি সন্তানৰ মাতৃগৰাকীৰ ওপৰত। আৰক্ষীৰ ওচৰত গোচৰ দিলেও প্ৰাণে মৰাৰ ভাবুকিৰে দমাই ৰাখিছিল পৰিয়ালটোক। পিছে শেষত প্ৰাণৰ মায়াত নিজ ঠাইৰ পৰা পলায়ন কৰি পৰিয়ালটোৱে আৰক্ষীত গোচৰ দিয়াতহে পোহৰলৈ আহে এই সমস্ত ঘটনা।

    আৰক্ষীক দিয়া ভাষ্য অনুসৰি প্ৰায়ে কেইবাজনো লোক একেলগে আহি অত্যাচাৰ চলাইছিল মহিলাগৰাকীৰ ওপৰত। যাৰ বাবে অচেতন হৈ পৰিছিল মহিলাগৰাকী, পিছে দিন হাজিৰা কৰা স্বামীয়ে টকাৰ অভাৱত চিকিৎসকৰ ওচৰলৈ নিব পৰা নাছিল পত্নীক। লগতে আৰক্ষীক কেইজনমান অত্যাচাৰীৰ নাম জনোৱাৰ লগতে বাকী কেইজনৰ মুখ চাই চিনাক্ত কৰিব পাৰিব বুলি জানিবলৈ দিয়ে।

    Photo Credit: livehindustan.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং