30 C
Guwahati
Wednesday, October 27, 2021
More

    প্ৰৱক্তাৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ তুলি পুনৰ কিয় সুৰ সলালে কৰিমগঞ্জ কলেজৰ ছাত্ৰীয়ে !

    উল্লেখযোগ্য যে যৌন আতিশয্যৰ অভিযোগ তুলা ছাত্ৰীগৰাকী কলা শাখাৰ বুলি পোহৰলৈ আহিছে। অথচ অভিযোগ আনিছে বিজ্ঞান শাখাৰ প্ৰৱক্তাৰ ওপৰত। ফলত ক্লাছত প্ৰৱক্তাগৰাকীয়ে ছাত্ৰীৰ গাত হাত দিয়াৰ প্ৰশ্ন নুঠে। তেন্তে সমগ্ৰ ঘটনাৰ আঁৰত আন কিবা ৰহস্য আছে নেকি?

    ২৪ ঘন্টাৰ ভিতৰতে সুৰ সলালে শ্লীলতা হানিৰ অভিযোগ অনা ছাত্ৰীয়ে। থানাৰ লকআপত বন্দী থকা প্ৰবক্তাৰ সৈতে আলোচনামৰ্মে ঘটনাৰ নিষ্পত্তিৰ দাবী কৰি আদালতত লিখিতভাৱে এজাহাৰ জমা দিলে কলেজ ছাত্ৰীয়ে। ইয়াৰ ফলতে জামিন অযোগ্য ধাৰাত নাটকীয়ভাৱে জামিন লাভ কৰিলে প্ৰৱক্তাই। শুকুৰবাৰৰ কৰিমগঞ্জ কলেজৰ ঘটনাক লৈ সমগ্ৰ বৰাক উপত্যকাত প্ৰৱল প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’লেও শনিবাৰে একেদৰে জামিন লাভৰ ঘটনাক লৈ সৃষ্টি হয় চাঞ্চল্যৰ।

    শুকুৰবাৰে কৰিমগঞ্জ কলেজৰ এগৰাকী ছাত্ৰীয়ে প্ৰৱক্তাৰ ওপৰত শ্লীলতা হানিৰ অভিযোগ উত্থাপনৰ পিছত উত্তপ্ত হৈ উঠে কৰিমগঞ্জ মহাবিদ্যালয় চৌহদ। ব্যাপক উত্তেজনাৰ মাজত ছাত্ৰীগৰাকীয়ে আন সতীৰ্থৰ সৈতে মিলি কলেজৰ অধ্যক্ষৰ কক্ষতে প্ৰবক্তা পাৰ্থ সাৰথি দাসক জোতাৰেও কোব শোধায়। আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰন কৰোতে আৰক্ষীৰ সৈতেও সংঘৰ্ষৰ সৃষ্টি হয় ছাত্ৰ-ছাত্ৰীৰ। প্ৰৱক্তা গ্ৰেপ্তাৰৰ পিছত থানাৰ লকাপতে কটাব লগা হয় নিশা।

    পৰৱৰ্তী সময়ত কৰিমগঞ্জৰ আদালতত সংঘটিত হয় এক নজিৰবিহীন ঘটনা| ভাৰপ্ৰাপ্ত কৰিমগঞ্জৰ মুখ্য ন্যায় দণ্ডাধীশৰ আদালতে ৩৫৪, ৩৫৪এ,1(i)(ii)(iii) ধাৰাত অভিযুক্ত হোৱা বাবে প্ৰথমে জামিন নামঞ্জুৰ কৰি কাৰাগাৰত প্ৰেৰণ কৰে প্ৰৱক্তা গৰাকীক। ইয়াৰ কিছু সময়ৰ পাছত প্ৰৱক্তাৰ ওপৰত শ্লীলতা হানিৰ অভিযোগ আৰু প্ৰৱক্তাক শাৰীৰিক অপদস্থ কৰা ছাত্ৰীগৰাকীয়ে আদালতত লিখিতভাৱে অভিযুক্তৰ সৈতে বুজাপৰা হৈছে বুলি জনায় ৷

    ইয়াৰ প্ৰায় ২ ঘন্টাৰ পিছত পুনৰ জামিন মঞ্জুৰ কৰি কাৰাগাৰৰ পৰা মুকলি কৰি দিয়ে প্ৰৱক্তাগৰাকীক| অভিযুক্তক হঠাৎ এনেদৰে জামিন দিয়াক লৈ সকলোৰে মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়| যদিও চৰকাৰী অধিবক্তাই দাবী কৰে যে সকলো ধাৰা আছিল জামিনযোগ্য৷ যৌন আতিশয্যৰ অভিযোগত প্ৰৱক্তাগৰাকীক জোতা-চেণ্ডেলেৰে কোবোৱা হ’ল, ম’বাইল ফ’নত ৰেকৰ্ডিং কৰি সেয়া ভাইৰেল কৰোৱা হ’ল অথচ পিছদিনা ছাত্ৰীয়ে সাধাৰণভাৱে আদালতত প্ৰৱক্তাগৰাকীৰ সৈতে বুজাপৰালৈ অহা বুলি লিখিতভাৱে দাখিল কৰাটো যথেষ্ঠ তাৎপৰ্যপূৰ্ণ বিষয় হৈ উঠিছে ।

    উল্লেখযোগ্য যে যৌন আতিশয্যৰ অভিযোগ তুলা ছাত্ৰীগৰাকী কলা শাখাৰ বুলি পোহৰলৈ আহিছে। অথচ অভিযোগ আনিছে বিজ্ঞান শাখাৰ প্ৰৱক্তাৰ ওপৰত। ফলত ক্লাছত প্ৰৱক্তাগৰাকীয়ে ছাত্ৰীৰ গাত হাত দিয়াৰ প্ৰশ্ন নুঠে। তেন্তে সমগ্ৰ ঘটনাৰ আঁৰত আন কিবা ৰহস্য আছে নেকি? সমগ্ৰ ঘটনাটো মনে সজা আছিল নেকি? সঁচাকৈ যদি এনে হয় তেন্তে মিথ্যা গোচৰ তৰাৰ বাবে অভিযোগকাৰীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ দাবী তুলিছে একাংশই ৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং