31 C
Guwahati
Saturday, October 1, 2022
More

    ১ জুলাইৰ পৰা UNLOCK .2, নবেম্বৰ মাহলৈ বৃদ্ধি প্ৰধানমন্ত্ৰী অন্ন যোজনা আঁচনি

    ১ জুলাইৰ পৰা দেশত আনলক ২ আৰম্ভ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৪ বজাত দেশবাসীক সম্বোধন কৰে। ইয়াতেই মোদীয়ে ঘোষণা কৰে এই আনলক ২।

    লগতে ঘোষণা কৰে আন এক বৃহৎ সিদ্ধান্ত। নবেম্বৰ মাহলৈ বৃদ্ধি প্ৰধানমন্ত্ৰী অন্ন যোজনা আঁচনি।

    এই আঁচনিৰ বাবে এতিয়া দেশৰ ৮০ কোটি মানুহে নবেম্বৰ মাহলৈ অৰ্থাৎ ৩ মাহৰ বাবে লাভ কৰিব বিনামূলীয়া ৰেচন।

    এই আঁচনিৰ ভিতৰত থাকিব ৫ কেজিকৈ বিনামূলীয়া চাউল বা ঘেঁহু। লগতে ১ কেজি কৈ দাইল।

    ইয়াৰ বাবে ডেৰ লাখ কোটি টকা ব্যয় কৰিব কেন্দ্ৰীয় চৰকাৰে।

    লকডাউন সময়মতে লোৱাৰ বাবে বহু লোকৰ জীৱন ৰক্ষা পৰে বুলিও দোহাৰে প্ৰধানমন্ত্ৰী মোদীয়ে। লগতে দেশবাসীক নিজৰ যত্ন লবলৈয়ো আহ্বান জনাই।

    অন্য দেশৰ তুলনাত ভাৰতত মৃত্যুৰ হাৰ কম। কিন্তু লকডাউন শেষ হোৱাৰ পিছৰে পৰা আৰু আনলক আৰম্ভ হোৱাৰে পৰা নিয়ম উলংঘনৰ সংখ্যা বৃদ্ধি পাইছে।

    যাৰ বাবেই কৰ’ণা সংক্ৰমণ অধিক হোৱা বুলিও কৈছে মোদীয়ে। সেয়ে সকলোকে ১ গজৰ সামাজিক দূৰত্ব মানি চলাৰ লগতে মাস্ক পৰিধান কৰাৰ বাবেও আহ্বান জনাইছে।

    Photo Credit : @Twitter

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং