26 C
Guwahati
Saturday, October 1, 2022
More

    ভাৰতক ভেণ্টিলেটৰ দি সহায় কৰিব আমেৰিকাই, টুইটাৰ যোগে জনালে ট্ৰাম্পে

    টুইটাৰ যোগে জনালে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প

    আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প ১৬ মে’ত টুইটাৰ একাউণ্টৰ জৰিয়তে ভাৰতলৈ ভেণ্টিলেটৰ সাহায্য হিচাপে আগবঢ়াব বুলি ঘোষণা কৰে। কৰ’ণাৰ বিৰুদ্ধে একেলগে ঠিয় দি এই যুঁজ দিয়াৰ কথা কয় আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। ভাৰতৰ জনতাৰ বাবে ভেণ্টিলেটৰ দান কৰিব আমেৰিকাই।

    টুইটাৰ যোগে ট্ৰাম্পে কয়, ‘মই ঘোষণা কৰিবলৈ পাই গোৰৱান্বিত যে আমেৰিকা যুক্তৰাষ্ট্ৰই বন্ধু ৰাষ্ট্ৰ ভাৰতলৈ ভেণ্টিলেটৰ সাহায্য হিচাপে আগবঢ়াব। এই মহামাৰীৰ সময়ত আমি ভাৰত আৰু নৰেন্দ্ৰ মোদীৰ সৈতে একেলগে থিয় হৈছো। আমি একেলগে ভেকচিনৰ বাবেও কাম কৰি আছো আৰু একেলগে আমি অদৃশ্য শত্ৰুক পৰাভূত কৰিম’।

    উল্লেখযোগ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰক ভাৰতে কৰ’ণা যুঁজৰ বাবে হাইড্ৰ’ক্সিক্লৰ’কুইন দি সহায় কৰিছিল। ভাৰতৰ সহায়ৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰতৰ এই সহায় আমেৰিকাই সদায় মনত ৰাখিব বুলি প্ৰতিশ্ৰুতি দিছিল।

    Photo Credit: Scroll.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং