28 C
Guwahati
Monday, September 26, 2022
More

    খাৰুপেটীয়াত দুৰ্গা পূজাৰ থীমত প্ৰকাশ পাব প্ৰতিবাদৰ প্ৰতীকী ভাষা

    ৰঙৰ ৰাইজৰ বহু দাবীৰ পিছতো আজিলৈ জিলাখন ৰে'লৰ মানচিত্ৰত অন্তৰ্ভুক্ত নোহোৱাত খাৰুপেটীয়া টাইগাৰ ক্লাৱে এইবাৰ দুৰ্গাপূজাত দৰঙত চলাব ৰে'লগাড়ী৷ এতিয়া দিনে নিশাই চলিছে প্ৰস্তুতি

    দুৰ্গা পূজালৈ মাজত মাথো আৰু কেইটামান দিন। ৰাজ্যৰ প্ৰতিটো চুকে কোণে এতিয়া চলিছে ব্যাপক প্ৰস্তুতি। সাজু হৈ উঠিছে পূজা কমিটীসমূহ। প্ৰতিখন পূজা কমিটী নিজৰ পূজা মণ্ডপসমূহক ব্যতিক্ৰমী ৰূপ দি ভক্তৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সাজু হৈ উঠিছে।

    সেই একে দৃশ্য পৰলক্ষিত হৈছে দৰঙৰ খাৰুপেটীয়াতো। এইবাৰ খাৰুপেটীয়াত পূজাৰ থিমৰ মাজত প্ৰকাশ পাব এক প্ৰতিবাদৰ প্ৰতীকী ভাষা ৷ দৰঙৰ ৰাইজৰ বহু দাবীৰ পিছতো আজিলৈ জিলাখন ৰে’লৰ মানচিত্ৰত অন্তৰ্ভুক্ত নোহোৱাত খাৰুপেটীয়া টাইগাৰ ক্লাৱে এইবাৰ দুৰ্গাপূজাত দৰঙত চলাব ৰে’লগাড়ী৷ এতিয়া দিনে নিশাই চলিছে প্ৰস্তুতি।

    আনহাতে খাৰুপেটীয়াত বহুদিনীয়া অভাৱ ষ্টেডিয়ামখন আজিলৈ হৈ নুঠাত পূজাত থিম হিচাবে দেখুওৱা হ’ব এখন প্ৰকাণ্ড ষ্টেডিয়াম৷ ইয়াৰোপৰি খাৰুপেটীয়াত আজিলৈ পানীযোগান আঁচনি এটা সম্পূৰ্ণ হৈ নুঠাত নিৰ্মাণ কৰি থকা হৈছে এটা পানী যোগান আঁচনি৷

    খাৰুপেটীয়াৰ আন পূজাৰ থিমতকৈ টাইগাৰ ক্লাৱে ৰূপালী জয়ন্তী পূজা বৰ্ষত এনে ব্যতিক্ৰমী থিমে জিলাখনৰ ৰাইজক যথেষ্ট আকৰ্ষিত কৰিব।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং