নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী বৃহত্তৰ অঞ্চলত হস্তী আৰু মানুহৰ দীৰ্ঘদিনীয়া সংঘাত দূৰ কৰিবৰ বাবে নগাঁৱৰ চাপানালাৰ নিকটবৰ্তী ৰংহাং কাৰ্বি গাঁৱত প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ নেতৃত্বত স্থানীয় ৰাইজে হাতত লোৱা অভিনৱ পদক্ষেপৰ প্ৰভাৱ এতিয়া সুদূৰ প্ৰসাৰী হৈ পৰিছে।
ৰাজ্যৰ বিভিন্ন প্ৰান্ততে সংঘটিত হৈ থকা হাতী আৰু মানুহৰ সংঘাতৰ এই সমস্যা সমাধান কৰিবলৈ এইজন যুৱকে হাতীৰ বাবে খাদ্যৰ ব্যৱস্থা গ্ৰহণ কৰিছে। বন্দুক-বাৰুদেৰে খেদিব বিচৰা বন্যহস্তীসমূহৰ বাবে ব্যতিক্ৰমী পদ্ধতিৰে খাদ্যৰ যোগান ধৰিবলৈ আগবাঢ়ি আহিছে বিনোদ দুলু বৰা নামৰ যুৱকজন।

চামগুৰিৰ চাপানালাৰ ৰঙহাং গাঁও আৰু ননৈত দুশ বিঘা মাটিত হাতীৰ বাবে কৰিছে ধান খেতি আৰু নেফিয়াৰ ঘাঁহ। এই ব্যতিক্ৰমী পদ্ধতিৰ বিষয়ে জানিবলৈ পায় চাপানালাত উপস্থিত হয় অসম চৰকাৰৰ বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক। সেই স্থানত উপস্থিত হয় পৰ্যবেক্ষণ কৰিলে বিনোদ দুলু বৰাৰ কৃষি কাৰ্য আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰিলে সহায়ৰ হাত আগবঢ়োৱাৰ।
উল্লেখ্য যে চৰকাৰী নিৰ্দেশমৰ্মে নগাঁৱৰ চাপানালাৰ ৰঙহাং কাৰ্বিগাঁও, বৰঘূলি, ৰঙামাটিত থকা বিস্তীৰ্ণ খেতি পথাৰ পৰিদৰ্শন কৰিবলৈ উপস্থিত হোৱা অসম চৰকাৰৰ মুৰব্বী প্ৰধান মুখ্য বন সংৰক্ষক বিষয়া অৰবিন্দ সিঙে বিনোদ দুলু বৰাৰ এই কৃষি কাৰ্য আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰতিষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

লগতে হাতী-মানুহৰ দীৰ্ঘদিনীয়া সংঘাত নিৰাময়ৰ বাবে কৃষিকাৰ্য কৰাৰ যি অভিনৱ পদ্ধতি বিনোদ দুলু বৰাৰ তৎপৰতাত ৰংহাং কাৰ্বি গাঁৱত কাৰ্যক্ষম হৈছে তাক অনুকৰণ কৰি ৰাজ্যৰ আন আন সংঘাত প্ৰৱণ অঞ্চললৈ ইয়াক প্ৰসাৰিত কৰাৰ প্ৰচেষ্টা চৰকাৰীভাৱে বন বিভাগে শীঘ্ৰে হাতত ল’ব বুলি সংবাদ মাধ্যমৰ সন্মুখত জানিবলৈ দিয়ে উপস্থিত বন বিষয়া দুগৰাকীয়ে।

Samaguri | Edited by: Dulu Medhi | First Published: Aug 15, 2019