26 C
Guwahati
Friday, March 24, 2023
More

    অমানুষিক! মোমায়েকে ভাগিনীয়েকক হত্যা কৰি ভক্ষণ কৰিলে মাংস

    কাৰিবীল নেপালী গাঁৱৰ বিৰেন গৌড়ৰ ৮ বছৰীয়া পুত্ৰ সঞ্জীৱ গৌড়ক হত্যা কৰি মাংস ভক্ষণ কৰিলে নিজ মোমায়েকে

    অমানৱীয় কাণ্ড! অৰুণাচলৰ নিৰজুলিত বাস কৰা মোমায়েকৰ হাতত প্ৰাণ গ’ল ভাগিনীয়েকৰ। বুধবাৰে সংঘটিত হৈছে এই ঘটনা। কাৰিবীল নেপালী গাঁৱৰ বিৰেন গৌড়ৰ ৮ বছৰীয়া পুত্ৰ সঞ্জীৱ গৌড়ক হত্যা কৰি মাংস ভক্ষণ কৰিলে নিজ মোমায়েকে। পৰিয়ালটিৰ সৈতে একেলগে বাস কৰিছিল মোমায়েকে।

    কিছু বছৰৰ পূৰ্বে বিৰেন আৰু ৰাম কুমাৰ কৰ্ম সংস্থাপনৰ তাগিদাত নিৰজুলিৰ টাৱা টাদু নামৰ লোকৰ ঘৰত কৰ্মৰত আছিল। তেওঁলোকৰ লগতে আছিল ৮ বছৰীয়া কিশোৰ সঞ্জীৱ গৌড়। লক ডাউনৰ পৰিস্থিতিত গহপুৰ কাৰীবিল নেপালীৰ নিজ গৃহলৈ পিতৃ অহাৰ পিছতে মোমায়েকে ভাগিনীয়েকক হত্যা কৰি মাংস ভক্ষণ কৰিলে। ঘটনাটোৰ বিষয়ে অৰুণাচল আৰক্ষীক খবৰ দিয়াৰ লগতে গহপুৰৰ পৰিয়ালৰ লোকক খবৰ দিয়ে আৰক্ষীয়ে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং