28 C
Guwahati
Wednesday, October 27, 2021
More

    ধূপধৰাত গুৱাহাটী অভিমুখী বাছ দুৰ্ঘটনাগ্ৰস্ত, ৬জন গুৰুতৰভাৱে আহত

    এজনৰ অৱস্থা সংকটজনক হোৱাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়

    ধূপধৰাৰ কুৰহিয়ামাৰীত আল্ট্ৰা বাছ দুৰ্ঘটনাগ্ৰস্ত৷ গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিত খুন্দিয়ায়। দুৰ্ঘটনাটো সংঘটিত হৈছে ১৭ নং ৰাষ্ট্ৰীয় পথৰ কাষত। গতিবেগ অতি তীব্ৰ হোৱা বাবেই নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ টিলাত খুন্দিয়াই বাছখনে। এই খুন্দিওৱাৰ ফলতে বাছখনে লুটি খাই আহি বিদ্যুতৰ খুঁটাৰ ওচৰত পৰে।

    Phot : Time8

    দুৰ্ঘটনাটিৰ ফলত কেইবাজনো লোক আহত৷ তাৰে ভিতৰত গুৰুতৰ ভাৱে আহত ৬জনক ওচৰৰ ধূপধৰা চিকিৎসালয়ত ভৰ্ত্তি কৰে আৰু এজনৰ অৱস্থা সংকটজনক হোৱাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং