28 C
Guwahati
Wednesday, December 1, 2021
More

    তিনিচুকীয়াৰ শংকৰ চাহ-বাগিচাৰ অপহৰণ কাণ্ডঃ চাহ কৰ্মচাৰী গৌৰাংগ দেৱক মুকলি আলফা(স্বাঃ)ৰ

    ১১ অক্টোবৰত তিনিচুকীয়াৰ ডুমডুমা থানাৰ অন্তৰ্গত তালাপত সংঘটিত হৈছিল এই অপহৰণ কাণ্ড

    তিনিচুকীয়াৰ শংকৰ চাহ-বাগিচাৰ অপহৃত চাহ কৰ্মচাৰী গৌৰাংগ সুন্দৰ দেৱক মুকলি আলফা স্বাধীনৰ। বুধবাৰে সন্ধিয়া আলফা স্বাধীনৰ সদস্যই অপহৃত দেৱক কোনো অজ্ঞাত স্থানত মুকলি কৰি দিয়ে। সম্প্ৰতি শংকৰ চাহ-বাগিচাৰ আৱাসত উপস্থিত হয় গৌৰাংগ সুন্দৰ দেৱ।

    মঙলবাৰে অপহৃত চাহ কৰ্মচাৰী গৌৰাংগ দেৱৰ পৰিয়ালৰ সদস্যক আলফা(স্বাঃ)ৰ সদস্যই কৰিছিল ফোন। গৌৰাংগ দেৱক সম্পূৰ্ণ সুস্থ অৱস্থাত ৰখা বুলি আলফাই ফোনত অপহৃত চাহ কৰ্মচাৰীৰ কন্যাক জনাইছিল।

    উল্লেখ্য যে ১১ অক্টোবৰত তিনিচুকীয়াৰ ডুমডুমা থানাৰ অন্তৰ্গত তালাপত সংঘটিত হৈছিল এই অপহৰণ কাণ্ড। সন্ধিয়া প্ৰায় ৭ বজাত চাৰিজনীয়া অস্ত্ৰধাৰীৰ এটা দলে অপহৰণ কৰিছিল তালাপস্থিত শংকৰ চাহ বাগিছাত মুখ্য ফিটাৰ হিচাপে কৰ্মৰত গৌৰাংগ সুন্দৰ দেৱ নামৰ লোকজনক।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং