12.5 C
Guwahati
Saturday, January 29, 2022
More

    বন্দুক এৰি জলকীয়া, বেঙেনা, বেলিফুলৰ খেতিত নামিল আলফা সদস্য

    স্বাধীন অসমৰ পৰিৱৰ্তে এইবাৰ উন্মুক্ত পথাৰক চিৰ সেউজ কৰাৰ লগতে নতুন প্ৰজন্মক কৃষিক্ষেত্ৰত আগ্ৰহী কৰাৰ উদ্দেশ্যৰে সদস্যসকলে লৈছে এনে পদক্ষেপ

    বন্দুক এৰি মূল সুঁতিলৈ অহা আলফাৰ এইবাৰ নতুন পদক্ষেপ। স্বাধীন অসমৰ পৰিৱৰ্তে এইবাৰ উন্মুক্ত পথাৰক চিৰ সেউজ কৰাৰ লগতে নতুন প্ৰজন্মক কৃষিক্ষেত্ৰত আগ্ৰহী কৰাৰ উদ্দেশ্যৰে সদস্যসকলে লৈছে এনে পদক্ষেপ ।দৰঙৰ বিভিন্ন প্ৰান্তত বিভিন্ন খেতি কৰিছে আলফাৰ এইসকল সদস্যই। আলফা নেতা প্ৰাণজিত শইকীয়াৰ নেতৃত্বত প্ৰায় ৪০ গৰাকী সদস্য তথা পৰিয়ালে লগ হৈ খেতিত মনোনিবেশ কৰিছে।

    এই লৈ দৰঙৰ মহলীয়া পাৰাত প্ৰায় ১৫০ বিঘা মাটিত আৰম্ভ কৰিছে গোমধানৰ খেতি। ইয়াৰোপৰি মঙলদৈৰ ৰামহৰিত ৮০ বিঘা মাটিত জলকীয়া, বেঙেনা, বেলিফুলৰ খেতি কৰিছে । মঙলদৈৰ চমুৱাপাৰাত ছাগলী ফাৰ্ম, ধানখেতি কৰাৰ লগতে ননৈ নদীৰ পাৰত চিত্ৰনলাৰ খেতি কৰিছে ।

    এনেদৰেই কৃষিক্ষেত্ৰত বহু কেইটা পদক্ষেপ লৈছে এই সকল মূলসুঁতিলৈ উভতি অহা সদস্যই। অৱশ্যে ধনৰ অভাৱত বহু ক্ষেত্ৰত আগবাঢ়িব পৰা নাই এই সকল সদস্য। তথাপি স্ব:নির্ভৰশীল হোৱাৰ চেষ্টাৰে এনেদৰেই নামিছে খেতিপথাৰত।

    Input & Photo: Kishor Kalita

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং