23 C
Guwahati
Thursday, October 28, 2021
More

    Breaking: মহাৰাষ্ট্ৰত মুখ্যমন্ত্ৰীৰ পদৰ বাবে শপত গ্ৰহণ উদ্ধৱ থাকৰেৰ

    শিৱাজী পাৰ্কত ল'লে শপত। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে পাৰ্কখন আটকধুনীয়াকৈ সজাই তোলা হৈছে

    মহাৰাষ্ট্ৰৰ ৰাজনীতিত ৰচিলে নতুন ইতিহাস। NCP-কংগ্ৰেছ আৰু শিৱসেনাৰ মিত্ৰজোঁট চৰকাৰত শিৱসেনাৰ প্ৰধান উদ্ধৱ থাকৰেই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদৰ বাবে ল’লে শপত। মুম্ৱাইৰ ঐতিহাসিক শিৱাজী পাৰ্কত অনুষ্ঠিত হৈছে নতুন চৰকাৰৰ শপতগ্ৰহণ সমাৰোহ। এই সমাৰোহত অংশ লৈছে তিনিওটা দলৰে কেইবাগৰাকীও বিশিষ্ট নেতা। উদ্ধৱ থাকৰেক শপতবাক্য পাঠ কৰালে ৰাজ্যপালে। থাকৰেই শিৱাজী মহাৰাজক সেৱা জনাই মাৰাঠী ভাষাত গ্ৰহণ কৰিলে শপত।

    শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে আম্বানীৰ পৰিয়াল। ব্যৱসায়ী মুকেশ আম্বানীৰ সৈতে উপস্থিত হয় পত্নী নীতা আম্বানী। ইয়াৰোপৰি প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছো এই সমাৰোহত উপস্থিত থাকে। লগতে উপস্থিত থাকে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমলনাথ, ডিএমকেৰ ষ্টালিন, টিআৰ বালু, কপিল ছিব্বল, আহমেদ পাটেল আৰু ৰাজ থাকৰে।

    শপতগ্ৰহণ অনুষ্ঠানৰ বাবে পাৰ্কখন আটকধুনীয়াকৈ সজাই তোলা হৈছে। ২০ বছৰৰ পিছত কোনো শিৱসৈনিকে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী পদ চম্ভালিব। ইয়াৰ বাবে কোনোধৰণৰ ক্ৰুটি ৰাখিব বিচৰা নাই।

    ইফালে উদ্ধৱ থাকৰেৰ শপতগ্ৰহণ অনুষ্ঠানত অংশ গ্ৰহণ নকৰিলে ছোনিয়া গান্ধীয়ে। স্বাস্থ্যজনিত কাৰণত তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে। লগতে ৰাহুল গান্ধীয়ো অংশ নল’লে এই অনুষ্ঠানত কিন্তু কেইবাগৰাকীও জ্যেষ্ঠ নেতাই সমাৰোহত ভাগ লয়। ৰাহুল গান্ধী এতিয়া দলৰ অধ্যক্ষ নোহোৱাৰ বাবে শপতগ্ৰহণ অনুষ্ঠানত ভাগ নোলোৱাৰ কথা কয়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং