27 C
Guwahati
Friday, September 23, 2022
More

    ৩৫ কোটি টকাত উবেৰ ইটছৰ স্বত্ব কিনিলে জমেট’ৱে

    মঙলবাৰৰ নিশা ৩ বজাত সম্পন্ন হয় এই চুক্তিৰ

    ভাৰতত দিনে দিনে বাঢ়ি আহিছে অনলাইন খাদ্য অৰ্ডাৰ কৰি খোৱাৰ ইচ্ছা। সেয়ে খাদ্যৰসিক সকলৰ বাবে এটি খবৰ। এতিয়াৰ পৰা ভাৰতৰ উবেৰ ইটছৰ সকলো ব্যৱসায় জমেট’ৰ অধিনলৈ। মুঠ ৩৫ কোটি ডলাৰ ভাৰতীয় হিচাপত ২৪৮৫ কোটি টকাত উবেৰ ইটছৰ স্বত্ব কিনিলে জমেট’ৱে। যাৰ বাবে এতিয়া কেৱল মাত্ৰ ৯.৯ শতাংশ শ্বেয়াৰ হে বাকি থাকিল উবেৰৰ লগত।

    মঙলবাৰৰ নিশা ৩ বজাত সম্পন্ন হয় এই চুক্তিৰ। আৰু পুৱা ৭ বজাৰ পৰাই আৰম্ভ হয় এই চুক্তিৰ ওপৰত কাম। উবেৰ ইটছ এপটোত আজি পুৱাৰ পৰা যি সকলে খাদ্য অৰ্ডাৰ কৰি আছে সেইসকলক জমেট’ এপটোলৈ ৰিডাইৰেক্ট কৰা হৈছে।

    উল্লেখ্য যে খাদ্য ডেলিভাৰী কৰা উবেৰ ইটছ এপটোৱে ভাৰতত বিশেষ বজাৰ দখল কৰিবলৈ সক্ষম হোৱা নাছিল। যাৰ বাবে পূৰ্বেও এনে চুক্তিৰ কথা বাহিৰ হৈছিল যদিও সেই সমূহ পিছলৈ মিছা বুলি প্ৰমানিত হৈছিল। পিছে এইবাৰ এই চুক্তি সঁচা বুলি প্ৰমানিত হৈছে কিয়নো পুৱাৰে পৰা জমেট’ এপটোলৈ ৰিডাইৰেক্ট কৰা হৈছে সকলো উবেৰ ইটছৰ অৰ্ডাৰ।

    Photo Credit: UberEats_IND

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং