27 C
Guwahati
Monday, September 26, 2022
More

    সন্ত্ৰাসবাদীৰ নামত ধন নিবলৈ আহি আৰক্ষীৰ জালত উবেৰ চালক

    ধন নিদিলে ব্যৱসায়ীজনৰ ৩ নাতিনীয়েকক অপহৰণ কৰাৰ লগতে হত্যাৰো ভাবুকি দিয়ে

    মহানগৰীৰ সাতগাঁৱত সন্ত্ৰাসবাদীৰ নামত ধন নিবলৈ আহি আৰক্ষীৰ জালত পৰিল এজন উবেৰ চালক। সাতগাঁও ৰে’ল লাইনৰ পৰা গ্ৰেপ্তাৰ উবেৰ চালক হামিড মোল্লা। বৰপেটা হাউলীৰ বাসিন্দা চালকজন। আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি সাতগাঁৱৰ বাসিন্দা প্ৰতিষ্ঠিত ব্যৱসায়ী খয়বৰ আলীক ১৬ ছেপ্টেম্বৰত কোনো অজ্ঞাত লোকে ফোন কৰি নিজকে সন্ত্ৰাসবাদী বুলি পৰিচয় দি ৫ লাখ টকা দাবী কৰিছিল।

    ধন নিদিলে ব্যৱসায়ীজনৰ ৩ নাতিনীয়েকক অপহৰণ কৰাৰ লগতে হত্যাৰো ভাবুকি দিয়ে। ভীতিগ্ৰস্ত খয়বৰ আলীয়ে থানাত উপস্থিত হয় সকলো কথা বিৱৰি কয়। আৰক্ষীৰ পৰামৰ্শৰ ভিত্তিত শুকুৰবাৰে সাতগাঁৱৰ এজন যুৱকৰ হাতত ৫ লাখ টকা দি পঠায়।

    দাবী কৰা ধন নিবলৈ উবেৰত অহা যুৱকজনে ধনৰ বেগটো লোৱাৰ সময়তে পূৰ্বৰে পৰা অসামৰিক পোছাকত খাপ পিটি থকা আৰক্ষীৰ দলটোৱে যুৱকজনক হাতে লোটে কৰায়ত্ত কৰে। অভিযুক্তজনৰ কবলৰ পৰা আৰক্ষীয়ে এ এছ-২৫-ডি চি -২৮২৩ নম্বৰৰ এখন উবেৰ বাহন জব্দ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি অভিযুক্তক জেৰা অব্যাহত ৰাখিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং