কেন্দ্ৰীয় চৰকাৰে অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ কৰিবলৈ UAPA আইনৰ আধাৰত মৌলানা মাছুদ আজহাৰ, ডাউড ইব্ৰাহিম, জাকিৰ-উৰ-ৰহমান লখবী আৰু হাফিজ ছইদক সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছে। এই ৪ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ নটিছো জাৰি কৰিছে।
ভাৰতত ৫টা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত কৰাৰ অভিযোগ জৈইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰৰ বিৰুদ্ধে। চলিত বৰ্ষৰ মে’ মাহত মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী বুলিও ঘোষণা কৰা হৈছিল।
কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ১৭ সংখ্যক লোকসভাৰ পূৰ্বৰ অধিবেশনত অমিত শ্বাহে ৮ জুলাইত UAPA বিল লোকসভাত দাঙি ধৰিছিল। অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ সংশোধনী বিধেয়ক দুয়োটা সদনতে গৃহীত কৰা হৈছিল। ইয়াৰ দ্ৱাৰা কেন্দ্ৰীয় চৰকাৰে যিকোনো লোকক সন্ত্ৰাসবাদী ঘোষণা কৰা আৰু সন্ত্ৰাসবাদীৰ সম্পত্তি জব্দ কৰাৰ অধিকাৰ লাভ কৰে। এই বিধেয়কৰ জৰিয়তে চৰকাৰে সেইসকল লোকক সন্ত্ৰাসবাদীৰ আধাৰত চিহ্নিত কৰিব পাৰে যিসকলে এই সন্ত্ৰাসবাদী কাৰ্যকলাপক উত্সাহ দিয়ে।
UAPAৰ নতুন নিয়মানুসৰি ব্যক্তিগতভাৱেও যিকোনো লোকক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিব পাৰে। ইয়াৰ পূৰ্বে কেৱল সন্ত্ৰাসবাদী সংগঠনকে সন্ত্ৰাসবাদী ৰূপে ঘোষণা কৰিব পাৰিছিল।