26 C
Guwahati
Monday, October 3, 2022
More

    Breaking: উত্তৰ-পূবত আৰু দুজন কৰ’ণা ভাইৰাছত পজিটিভ

    ৰাজ্যখনত মুঠ কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৪জনলৈ বৃদ্ধি।

    উত্তৰ-পূবত আৰু দুজন লোকৰ দেহত পোৱা গৈছে কৰ’ণা ভাইৰাছত পজিটিভ। ত্ৰিপুৰাত BSF জোৱানৰ দেহত COVID19ৰ সংক্ৰমণ। দুজন জোৱানৰ দেহত ধৰা পৰিছে COVID19 ভাইৰাছ। ত্ৰিপুৰাৰ আম্বাছাস্থিত BSF ইউনিটত কৰ্তব্যৰত জোৱান দুজন। ৰাজ্যখনত মুঠ কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা হৈছে ৪জন।

    ইয়াৰে দুজনক ইতিমধ্যে ঘৰলৈ যাবলৈ দিয়া হৈছে আৰু বৰ্তমান সক্ৰিয় হৈ আছে ২জন লোক। বিপ্লৱ কুমাৰ দেৱে টুইটাৰযোগে এই কথা সদৰি কৰে। অসমসহ উত্তৰ-পূবত ৬১জন লোক কৰ’ণাত আক্ৰান্ত হৈছে।

    ১৬ এপ্ৰিলত ত্ৰিপুৰাৰ প্ৰথমগৰাকী কৰ’ণা ভাইৰাছত আক্ৰান্ত মহিলাক হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছিল। কেইবাটাও পৰীক্ষাৰ অন্তত মহিলাগৰাকীৰ দেহত কৰ’ণা নিগেটিভ পোৱা গৈছিল। ৬ এপ্ৰিলত তেওঁৰ দেহত কৰ’ণা পজিটিভ পোৱা গৈছিল।

    কেইদিনমানৰ পিছত ৩২ বছৰীয়া এজন TSR বেটালিয়নৰ দেহত কৰ’ণা পজিটিভ পোৱা গৈছিল।

    Photo: google.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং