27 C
Guwahati
Wednesday, September 28, 2022
More

    দিন-দুপৰতে ৩ লাখ টকা লুট দুৰ্বত্তৰ, মহানগৰীত সংঘটিত এই ঘটনা

    ঘটনাসন্দৰ্ভত বৰঝাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ভুক্তভোগী হৰেন চন্দ্ৰ দাসে

    গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ সমীপৰ ভি আই পিত দিন ডকাইতি। এজন লোকৰ পৰা ৩ লাখ টকা লুটি লৈ যায় দুৰ্বৃত্তই। লোকজনে এয়াৰপৰ্ট শাখাৰ ষ্টেট বেংকৰ পৰা উলিয়াইছিল ধনখিনি। ভুক্তভোগী লোকজন দ্বীপৰ বিলৰ চকৰ্দৌৰ হৰেন চন্দ্ৰ দাস। লোকজনে কন্যাৰ বিয়াৰ বাবে উলিয়াইছিল ধনখিনি।

    মুখত কাপোৰ বান্ধি বাইকত আহিছিল ডকাইত দুটা। লোকজনে বেংকৰ পৰা ধনখিনি উলিয়াই বজাৰ কৰি থকাৰ সময়তে ডকাইত দুটাই লুটি লৈ যায় ধনখিনি। ঘটনাসন্দৰ্ভত বৰঝাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ভুক্তভোগী হৰেন চন্দ্ৰ দাসে।

    ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে বাইকখনক অনুসৰণ কৰিছিল যদিও পলাই হাত সাৰিবলৈ সক্ষম হয় ডকাইত দুটা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং