25 C
Guwahati
Thursday, October 6, 2022
More

    পেটে নামানে ভোকৰ জ্বালা;তিনিচুকীয়াৰ পৰা পশ্চিমবংগলৈ চাইকেলেৰে যাত্ৰা দুজন লোকৰ

    এসাঁজ খাবৰ বাবেও ১০বাৰ চিন্তা কৰিব লগা হৈছে লোক দুজনে

    দেশত দিনকদিনে কৰ’ণা ভাইৰাছৰ প্ৰকোপ বৃদ্ধি পাইছে।কৰ’ণাক প্ৰতিৰোধ কৰিবৰ বাবে দেশত অব্যাহত আছে লকডাউন। লকডাউনৰ বাবে অনেক লোকৰ জীৱনত সৃষ্টি হৈছে হাহাকাৰ।ব্যৱসায়ৰ বাবে পশ্চিমবংগৰ পৰা তিনিচুকীয়ালৈ আহিছিল দুজন লোক।লকডাউনৰ বাবে তিনিচুকীয়াত আৱদ্ধ হৈ পৰাত তেওঁলোকৰ পানীত হাঁহ নচৰাৰ দৰে অৱস্থা হয়।

    এসাঁজ খাবৰ বাবেও ১০বাৰ চিন্তা কৰিব লগা হৈছে লোক দুজনে। অৱশেষত তেওঁলোকে চাইকেল চলাই তিনিচুকীয়াৰ পৰা পশ্চিমবংগৰ নিজ গৃহলৈ যাত্ৰা কৰাৰ সিদ্ধান্ত লয়।দুখন চাইকেলেৰে লোক দুজনে মঙলবাৰে পুৱা আৰম্ভ কৰিলে এই যাত্ৰা।

    দুদিন ভোকে পিয়াহে চাইকেল চলাই আহি আজি তেওঁলোক উপস্থিত হয়হি কলিয়াবৰত। চকুপানী টুকি টুকি অহা লোক দুজনক দেখি বহুতৰে অন্তৰ কান্দি উঠে।৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰি অহা লোক দুজনক কুঠৰীৰ কেইজনমান সহৃদয়ৱান লোকে কিছু আহাৰ যোগান ধৰাৰ লগতে কিছু ধনৰ যোগান ধৰে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং