ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনিত ঘটনা। এটাৰ পিছত আনটো ভয়ংকৰ ঘটনাই কঁপাইছে ৰাজ্য। বৰপেটা, বাক্সাৰ পিছত এইবাৰ ডিব্ৰুগড়ত সংঘটিত হৈছে তেনে এক ঘটনা। ডিব্ৰুগড় জিলাৰ বৰবৰুৱাত এজন লোকে ছুৰিৰে আক্ৰমণ কৰি হত্যা কৰিলে লাল বাহাদুৰ ৰবিদাস নামৰ লোকজনক, ছুৰিকাঘাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছোনিয়া ঘাটোৱাৰ নামৰ যুৱতীগৰাকীও।
এই ঘটনাৰ পিছতে সৃষ্টি হয় তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ, ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ। আক্ৰমণকাৰী তুফান ঘাটোৱাৰক প্ৰহাৰ কৰে ৰাইজে। একাংশ লোকে মৰিয়াই মৰিয়াই হত্যা কৰে আক্ৰমণকাৰী তুফান ঘাটোৱাৰক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত।