ডিব্ৰুগড়ৰ মৰাণত সংঘটিত হয় এক কৰুণ ঘটনা। পুখুৰীত সলিলসমাধি দুজন লোকৰ। মৰাণৰ চেপন বেতবাৰী ১৮নং লাইনত এটা পুখুৰীৰ পাৰত জিৰণি লৈ থকাৰ সময়তে পিছলি পৰেগৈ পানীত। মৃত বিপুল চাওৰা আৰু মিল্টন চাওৰা।
স্থানীয় লোকে ঘটনাটো প্ৰত্যক্ষ কৰি পুখুৰীৰ পৰা দুয়োকে উদ্ধাৰ কৰি মৰাণ মেডিকেল চেণ্টাৰলৈ আনে যদিও দুয়োকে মৃত বুলি ঘোষণা কৰে চিকিৎসকে আৰু আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়ৰ এ এম চি এইচলৈ প্ৰেৰণ কৰিছে মৃতদেহকেইটা।
আনহাতে স্থানীয় ৰাইজৰ অভিযোগ পুখুৰী মালিকে বেৰা নিদি উন্মুক্ত অৱস্থাত ৰখা ফলতে সংঘটিত হৈছে এই কৰুণ ঘটনা।