33 C
Guwahati
Wednesday, September 28, 2022
More

    দুই শিশু অপহৰণকাৰীক ঔকিল দিলে ৰাইজে

    ৩জনীয়া যুৱকৰ দলে দুটি কণমানিক এখন গাড়ীত বলপূৰ্বকভাৱে উঠাই নিয়া প্ৰত্যক্ষ কৰে একাংশ লোকে আৰু লগে লগে খেদি গৈ কৰায়ত্ত কৰে দুটা অপহৰণকাৰীক

    কৰিমগঞ্জৰ বাটিয়া অঞ্চলৰ লস্কৰবাৰী এলেকাত ৰাইজে কৰায়ত্ত কৰিলে দুই শিশু অপহৰণকাৰীক। ৩জনীয়া যুৱকৰ দলে দুটি কণমানিক এখন গাড়ীত বলপূৰ্বকভাৱে উঠাই নিয়া প্ৰত্যক্ষ কৰে একাংশ লোকে আৰু লগে লগে খেদি খেদি দুই যুৱকক আটক কৰে যদিও পলাই সাৰিবলৈ সক্ষম হয় শিশুক অপহৰণ কৰিবলৈ অহা ছামিম আহমেদ আনজন যুৱক। আৰু জালত পৰা ৰাজু দে’ আৰু জাবেদ আহমেদ নামৰ যুৱক দুজনক উত্তম-মধ্যম শোধালে ৰাইজে।

    আনহাতে ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে উপস্থিত হয়গৈ অঞ্চলটোৰ প্ৰায়সংখ্যক লোক আৰু ভাঙি চূৰমাৰ কৰে এখন টেম্প লগতে আক্ৰমণ চলায় যুৱকদ্বয়ৰ ওপৰত। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে সমগ্ৰ পৰিস্থিতি। বিগত সপ্তাহতো একেটা অঞ্চলত শিশুক অপহৰণৰ চেষ্টা চলাইছিল কিন্তু ৰাইজৰ তত্পৰতাত শিশুক অপহৰণ কৰাত বিফল হৈ পলায়ন কৰিছিল দুৰ্বৃত্তকেইটা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং