27 C
Guwahati
Wednesday, June 29, 2022
More

    হায় মানৱতা; হাজোত ব্ৰহ্মপুত্ৰৰ পানীত ডুবাই হত্যা কৰিলে দুটা ঘোঁৰা ইয়াৰে এটা গৰ্ভৱতী আছিল

    মানৱ জাতিৰ নৃশংসতাৰ চৰম সীমা পুনৰ দেখা পোৱা গ’ল। এইখন অসমতেই দেখা পোৱা গ’ল এই নৃশংসতা।

    কেৰালাত গৰ্ভৱতী হাতীক মাৰি পেলৱাৰ পিছত এইবাৰ অসমৰ হাজোত এটা গৰ্ভৱতী ঘোঁৰাক নিষ্ঠুৰভাৱে মাৰি পেলালে এজনে।

    হাজোত সংঘটিত হৈছে এই নৃশংস ঘটনা। দুটা ঘোঁৰাক ব্ৰহ্মপুত্ৰত ডুবাই ডুবাই হত্যা কৰিলে এজন লোকে।

    কিমান নৃশংস হ’লে মানুহে এনে কাম কৰিব পাৰে?

    জীৱ শ্ৰেষ্ঠ বুলি দাবী কৰা একাংশ মানুহ নামধাৰী পাষণ্ডৰ কৰ্মই শিহৰিত কৰি তুলিব আপোনাক। অতি নিষ্ঠুৰতাৰে মাৰি পেলোৱা তাৰে এটা ঘোঁৰা আছিল গৰ্ভৱতী।

    ঘোৰাঁ দুটাৰ দোষ আছিল মাত্ৰ খেতিত সোমাই শস্য খাইছিল।

    ঘোঁৰা দুটাই চলোৱা ঘোঁৰা গাড়ীখন

    সেই খেতিৰ মালিক মহম্মদ আনাৰ নামৰ পাষণ্ড জনে খঙতে পানীত ডুবাই ডুবাই হত্যা কৰা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে।

    মহম্মদ আনাৰ নামৰ লোক জনৰ খেতিত প্ৰবেশ কৰি শস্য খোৱাৰ বাবেই পাষণ্ডটোৱে সংঘটিত কৰিলে এনে নৃশংস ঘটনা।

    হাজোৰ পণ্ডিতপামত সংঘটিত হৈছে এই নৃশংস ঘটনা।

    পিছদিনা নদীৰ বুকুত ঘোঁৰা দুটাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত পোহৰলৈ আহে সমগ্ৰ ঘটনা।

    প্ৰথমে ৰচীৰে ডিঙিত চেপিলৈ পিছত পানীত ডুবাই ডুবাই হত্যা কৰিলে দুয়োটা ঘোঁৰাক। লগতে মৃত্যু হ’ল গৰ্ভৱতী ঘোঁৰা জনীৰ পেটত থকা গৰ্ভস্থ ঘোঁৰাটো।

    ঘটনা সন্দৰ্ভত মহম্মদ আনাক গ্ৰেপ্তাৰৰ দাবীৰে ৰামদিয়া আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰা হৈছিল।

    Photo Credit: Animal photos and @mridulpritomdeka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং