ৰঙিয়াত দুই ভগ্নীক উপৰ্যুপৰি ধৰ্ষণ ৬টা লম্পটৰ। ষ্টেচনৰ সমীপৰ ৰেলৱে কোৱাৰ্টাৰত সংঘটিত হয় এই জঘন্য ঘটনা। ভুক্তভোগী কিশোৰী দুগৰাকীক ধৰ্ষণ কৰাৰ লগতে মাৰধৰো কৰি কোৱাৰ্টাৰৰ পৰা উলিয়াই দিয়ে। আহত অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰে কিশোৰী দুগৰাকীক।
এই ঘটনাৰ পিছতে কোৱাৰ্টাৰটোৰ গৰাকীক উত্তম-মধ্যম দিলে ৰাইজে। সুবিধা বুজি সেই স্থানৰ পলায়ন লোকজনৰ। ঘটনাস্থলীত ৰে’ল আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।
বৰপেটাৰ এই দুই কিশোৰী ভগ্নী ডিমাপুৰৰ আত্মীয়ৰ ঘৰৰ পৰা নিজ গৃহলৈ যোৱাৰ উদ্দেশ্যে ৰে’লযোগে শুকুৰবাৰে সন্ধিয়া ৰঙিয়া ষ্টেচনলৈ আহিছিল। সেই সময়তে ষ্টেচনতে সামগ্ৰী কঢ়িওৱা দুজন লোকে সহায় কৰাৰ চলেৰে ষ্টেচনৰ সমীপতে থকা এটা কোৱাৰ্টাৰলৈ মাতি নিয়ে কিশোৰী দুগৰাকীক। তাৰ পিছতে ৬ পাষণ্ডই মিলি ওৰে নিশা ধৰ্ষণ কৰে কিশোৰী দুগৰাকীক। এই দুস্কাৰ্যত বাধা দিয়াত মাৰধৰো কৰে কিশোৰী দুগৰাকীক। পিছত আহত অৱস্থাত দুগৰাকীকে কোৱাৰ্টাৰৰ পৰা উলিয়ায় দিয়ে।
ঘটনা সন্দৰ্ভত ষ্টেচনৰ সমীপত থকা অটো চালকক ভুক্তভোগী কিশোৰী দুগৰাকীয়ে বিৱৰি কয় আৰু লগে লগে চালক আৰু স্থানীয় একাংশ ৰাইজে কোৱাৰ্টাৰটোলৈ যোৱাত গৰাকী তথা ৰে’ল কৰ্মচাৰী কিশোৰী মণ্ডলক সোধাপোছা কৰে আৰু একাংশই মণ্ডলজনক মাৰপিটো কৰে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰি লম্পটকেইটাৰ সন্ধানত অব্যাহত ৰাখে অভিযান।
Guwahati | Edited by: Dulu Medhi