কোনো ৰিল লাইফত নহয়, ৰিলেয় লাইফট সুন্দৰ অভিনয় দুই যুৱকৰ। কেতিয়াবা চৰকাৰী বিষয়া হৈ ধপাত জাতীয় সামগ্রীৰ বিৰুদ্ধে অভিযান আৰু কেতিয়াবা ডাক্তৰ হৈ চিকিৎসা। কৰ’ণাৰ ভয়াৱহতাৰ মাজতে ওলাইছে দুজন ভূৱা চিকিৎসক। যোৰহাটৰ বিভিন্ন গাঁৱলৈ গৈ স্বাস্থ্য পৰীক্ষাও কৰিছে দুই ভূৱা চিকিৎসকে। দুই ভূৱা চিকিৎসকে গোলাঘাটৰ বিভিন্ন প্ৰান্ততো কৰিছিল স্বাস্থ্য পৰীক্ষা।
পিছে অৱশেষত যোৰহাটৰ পুলিবৰ আৰক্ষীৰ জালত পৰে গাড়ী চালকসহ দুই ভুৱা চিকিৎসক। আটকাধীন ভুৱা চিকিৎসকদ্বয় তিতাবৰৰ ঢেকীয়াজুলি কহাঁৰ গাঁৱৰ বিশ্বজ্যোতি দত্ত আৰু ২ নং শেনচোৱা গাঁৱৰ উজ্জ্বল বৰা আৰু গাড়ী চালকজন হৈছে দিগন্ত নেওগ।

ডাঃ প্ৰিঞ্চ বৰা শইকীয়া নামৰ এটা ভুৱা ফেচবুক একাউন্ট খুলিছিল ভুৱা চিকিৎসাক দুটাই। যুৱকদুজনৰ লগতে ভাড়ালৈ অনা এখন চুইফট ডিজায়াৰ বাহন জব্দ কৰাৰ লগতে আৰক্ষীয়ে যুৱকদুজনৰ পৰা বগা কোট, ষ্টেথিস্কোপ, পৰিচয় পত্ৰ আদি জব্দ কৰে। যুৱক দুজনে নিজকে প্ৰয়াস নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ সদস্য বুলি পৰিচয় দিছিল।

পিছে একেবাৰেই সন্দেহ উপজিবলৈ নিদিয়াকৈ সুন্দৰ অভিনয়েৰে এই ব্যৱসায় চলাই থকাৰ পিছত অৱশেষত ঘটিল মতানৈক্য। দলটোৰ নিজৰ মাজতেই মতানৈক্য ঘটি এজন সদস্যই ফাদিল কৰি দিয়ে সকলো কথা। আৰু তাৰ পিছতেই যোৱা নিশা পুলিবৰ আৰক্ষীৰ জালত পৰে দুয়োটা ভুৱা চিকিৎসক।
Input And Photo Credit: Rituraj Phukan