লকডাউন আৰু কাৰ্ফিউৰ সুযোগ লৈ ৰাজ্যত সৰবৰাহ হৈ আছে ড্ৰাগছ। বহু ঠাইত আৰক্ষীয়ে কেইবাজনকো আটক কৰিলেও বৰ্তমানেও অব্যহাতত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। গোপন সূত্ৰে খবৰ লাভ কৰি জখলাবন্ধা আৰু বাগৰি আৰক্ষীয়ে নিশা অভিযান চলাই ড্ৰাগছসহ আটক কৰে দুই ড্ৰাগছ সৰবৰাহকাৰী।

সৰবৰাহকাৰী দুজন কুঠৰীৰ হাৰমতিৰ কামাল উদ্দিন আৰু কুঠৰীৰ নজানৰ ইনতাজুল আলি বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। AS 02 AB 0283 নম্বৰৰ এখন বাহনৰ সৈতে যুৱক দুজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছ ভৰ্তি চাৰিটাকৈ চিচি। বৰ্তামনে আৰক্ষীয়ে আটকাধীন যুৱক দুজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
PHoto Credit: @dipubora