30 C
Guwahati
Wednesday, October 5, 2022
More

    লখিমপুৰ ডকাইতি কাণ্ডঃ দুই ডকাইতক আটক আৰক্ষীৰ

    বুধবাৰে এগৰাকী ব্যৱসায়ীৰ ঘৰত সংঘটিত কৰিছিল এই ডকাইতি কাণ্ড

    লখিমপুৰত সংঘটিত হোৱা চাঞ্চল্যকৰ ডকাইতি ঘটনাৰ ২ ডকাইতক আটক কৰে আৰক্ষীয়ে। বুধবাৰে নিশা নিশা লখিমপুৰ নগৰৰ সমীপৰ চিনাতলীয়াত সংঘটিত হৈছিল এই ঘটনা।

    ডকাইতৰ এটা দলে অৰুণ দত্ত নামৰ ব্যৱসায়ীজনৰ ঘৰত প্ৰৱেশ কৰি ডকাইতি কৰি লৈ গৈছিল ৯ লাখ টকাসহ সোণৰ অলংকাৰ লগতে লণ্ডভণ্ড কৰি গৈছিল ঘৰৰ আচবাব। ডকাইতৰ আক্ৰমণৰ বলি হোৱা ব্যৱসায়ী অৰুণ দত্ত উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত বৰ্তমানেও চিকিৎসাধীন।

    ঘটনা সংঘটিত হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰতে লখিমপুৰ আৰক্ষীয়ে আটক কৰিলে দুই ডকাইতক৷ আৰক্ষীয়ে চিনাক্ত কৰিলে ৭টা ডকাইতক। আৰক্ষীয়ে আটক কৰে মিৰাজ আলী আৰু ৰাকেশ পেগুক৷

    ডকাইত দুটাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে লুটি লৈ যোৱা সামগ্ৰী, ৩ লাখ টকা, ডকাইতিত ব্যৱহৃত দুখন বাইক আৰু বহু সামগ্ৰী।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং