দিল্লীত পিজ্জা ডেলিভাৰী বয়ৰ শৰীৰত কৰ’ণা ভাইৰাছ ধৰা পৰাৰ পিছত এইবাৰ ২ গৰাকী আৰক্ষী কৰ্মী আক্ৰান্ত হৈছে এই ভাইৰাছত। দুয়োগৰাকী আৰক্ষীৰ ৰিপৰ্টত ওলাইছে কৰ’ণা পজিটিভ। এজন আৰক্ষীৰ পৰিয়ালৰ আটাইকেইজন সদস্যক ৰখা হৈছে আছুতীয়া কক্ষত।
মডেল টাউন আৰক্ষী কলনীৰ বাসিন্দা ASI তথা তেওঁৰ ২১ বছৰীয়া পুত্ৰৰ ৰিপৰ্টত ওলাইছে কৰ’ণা পজিটিভ। দুয়োজনকে এলএনজেপি হাস্পতালত ভৰ্তি কৰোৱ হয়। এই কথা জনাই উত্তৰ-পশ্চিম জিলাৰ DSPয়ে। লগতে তেওঁ ক’লে যে এলেকাটোৰ ব্লক জি, এছ আৰু আই ছীল কৰি দিয়া হৈছে।
কৰ’ণাত আক্ৰান্ত হোৱা ASI জনৰ পত্নী এলএনজেপি হাস্পতালৰ এগৰাকী নাৰ্ছ। হাস্পতালত কৰ্মৰত অৱস্থাতে কৰ’ণাত আক্ৰান্ত হৈছিল। মহিলাগৰাকীৰ দেহত পজিটিভ ওলোৱাৰ পিছত স্বামী আৰু পুত্ৰই ঘৰতে আছুতীয়া থাকিছিল। পিছত দুয়োজনৰে ৰিপৰ্টত কৰ’ণা পজিটিভ ওলোৱাত হাস্পতালত ভৰ্তি কৰোৱা হয়।
আনহাতে আন এগৰাকী আৰক্ষী দৰ্শন বিহাৰ বুৰাৰীৰ বাসিন্দা। ৰিপৰ্টত কৰ’ণা পজিটিভ ওলোৱাত তেওঁক আছুতীয়া কক্ষত ৰখা হৈছে।
Photo credit: PTI