24 C
Guwahati
Thursday, October 21, 2021
More

    বাক্সাত চাঞ্চল্যকৰ ঘটনা;গণপ্ৰহাৰত মৃত্যু ২ভাতৃৰ

    তেওঁলোকৰ ঘৰটোও জ্বলাই দিয়ে উত্তেজিত লোকে

    বাক্সাৰ আঠিয়াপাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হৃদয়বিদাৰক ঘটনা। গণপ্ৰহাৰত মৃত্যুক সাৱটি ল’লে বিশ্বজিৎ দাস আৰু হৰবন দাস নামৰ ২ ভাতৃয়ে। কিছুদিন পূৰ্বে এক চুৰিকাৰ্যৰ গোচৰত ২ ভাতৃ কাৰাবন্দী হৈ আছিল। লকডাউন চলি থকা বাবে কাৰামুক্ত কৰি দিয়া হৈছিল দুয়োকে। যোৱা সপ্তাহত মুকলি হৈ অহা ২ যুৱকক বুধবাৰে পুৱা মৰিয়াই মৰিয়াই হত্যা কৰে প্ৰায় ৩০জনীয়া এটি দলে।

    ইয়াৰ লগতে তেওঁলোকৰ ঘৰটোও জ্বলাই দিয়ে উত্তেজিত লোকে। ঘটনাটোৰ খবৰ পাইয়ে ঘটনাস্থলীত বাক্সা আৰক্ষী উপস্থিত হৈ যুৱক দুজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে। আৰক্ষীয়ে এই পৰ্যন্ত কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

    Photo Credit: The Daily Star

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং