হাজো হত্যাকাণ্ডত জড়িত দুই মূল অভিযুক্তক গ্ৰেপ্তাৰ। সনাতন ডেকাৰ হত্যাত জড়িত থকাৰ অভিযোগত দুই অভিযুক্ত ফইজুল হক আৰু ইউচুফুদ্দিন আহমেদক নিশা গ্ৰেপ্তাৰ কৰে হাজো আৰক্ষীয়ে। মহকুমা আৰক্ষী বিষয়া কংকন কুমাৰ নাথৰ নেত্বতত হাজো আৰক্ষীয়ে হত্যাকাণ্ডৰ ৪৮ ঘণ্টাৰ ভিচৰতে সফল অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুয়ো হত্যাকাৰীক। সম্প্ৰতি আন ৩জন হত্যাকাৰী পলাতক অৱস্থাত।
উল্লেখযোগ্য যে শনিবাৰে সনাতন ডেকা নামৰ পাচলি ব্যৱসায়ীজনক ৰাজপথত হোৱা এটা সাধাৰণ দুৰ্ঘটনাতে মৰিয়াই মৰিয়াই হত্যা কৰিছিল ৫জন যুৱকে। সনাতন দাসে শ্ৰমিক হিচাপে কাম কৰিছিল এটা কোম্পানীত কিন্তু লকডাউনৰ সময় চোৱাত আৰ্থিক সংকটৰ বাবে পাচলি বিক্ৰী কৰিবলৈ লৈছিল।

শনিবাৰে বজাৰলৈ ওলাই যাওতেই দাসৰ চাইকেলে খুন্দা মাৰিছিল জলিল আলী আৰু ফাইজুল হকৰ গাড়ীত। সেই সামান্য কথাতেই ফাইজুল আৰু জলিল জপিয়াই পৰিছিস সনাতন দাসৰ ওপৰত। ফাইজুল আলী, জলিল আলী, খবিৰ আলী, ইউচুবউদ্দিন আহমেদ আৰু ফিৰজাহান আলীয়ে দিন দুপৰতে হত্যা কৰিছিল লোকজনক।
Photo Credit: Time8