26 C
Guwahati
Tuesday, October 4, 2022
More

    ওবামা, বিল গেটচ্ সহ বহু কেইজন বিশিষ্ট ব্যক্তিৰ টুইটাৰ একাউণ্ট হেক

    টুইটাৰ জগতত ধুমুহা আনিছে হেকাৰে। বিশ্বৰ আগশাৰীৰ নেতা, বিশিষ্ট ব্যৱসায়ীৰ লগতে কোম্পানী সমূহৰো টুইটাৰ একাউণ্ট হেক কৰিছে হেকাৰে।

    বুধবাৰ ১৫ জুলাইৰ দিনা হেকাৰে মাইক্ৰছফ্টৰ সংস্থাপক বিল গেটচ্, টেস্লাৰ চিইঅ এল’ন মাস্ক, আমেৰিকাৰ প্ৰাক্তন উপ ৰাষ্ট্ৰপতি জো বিদেন, প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামা, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহু, বাৰেন বাফেট, এপল, উবেৰৰ লগতে অন্য কেইবাটাও একাউণ্ট হেক কৰিছে।

    হেকাৰে তেওঁলোকৰ একাউণ্টৰ পৰা টুইট কৰি আছে। সকলোৰে একাউণ্টৰ পৰা বিটকইন বিচাৰি আছে হেকাৰে।

    বিল গেটচ্ ৰ একাউণ্টৰ পৰা দিছে যে, সকলোৱে মোৰ পৰা উভতাই বিচাৰি আছে, এই এ সেই সময়। মই সকলো পেমেণ্ট দুগুণ কৰি দিম যিয়ে মোৰ বিটিচি ঠিকনাত ৩০ মিনিটৰ ভিতৰতে পইছা দিব। মোক ১০০০ ডলাৰ দিয়া মই ২০০০ ডলাৰ দিম।

    এইদৰেই পইচা বিচাৰি সকলোৰে একাউণ্টৰ পৰা টুইট কৰে হেকাৰে। অৱশ্যে কিছু সময়ৰ ভিতৰতে আকৌ টুইটাৰ একাউণ্ট বোৰৰ পৰা মছি পেলোৱা হয়।

    পিছে বৰ্তমানলৈ জানিব পৰা হোৱা নাই কোনে কৰ পৰা এনেদৰে বিশিষ্ট ব্যক্তি আৰু ডাঙৰ ডাঙৰ কোম্পানীৰ টুইটাৰ একাউণ্ট হেক কৰিলে।

    Photo Credit: Wikipedia

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং