26 C
Guwahati
Thursday, September 29, 2022
More

    নিশা তুৰ্কীত ভূঁইকঁপ, মৃত্যুৰ সংখ্যা ১৯লৈ বৃদ্ধি

    চহৰৰ মাজমজিয়াৰ মুঠ ১০টাকৈ অট্টালিকা সম্পূৰ্ণৰূপে ধ্বংস্তুপত পৰিণত

    নিশা তুৰ্কীত ভূঁইকঁপ। ৰিখটাৰ স্কেলত ৬.৮ প্ৰাবল্যৰ ভূঁইকঁপ পূৱ তুৰ্কীত। এই ভয়ানক ভূমিকম্পত এইপৰ্যন্ত প্ৰাণ গৈছে ১৯জনকৈ লোকৰ আৰু আহত হৈছে ৬০০ৰো অধিক লোক। পিছে নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা।

    শুকুৰবাৰে নিশা তুৰ্কীত এই ভুমিকম্প। ভুমিকম্পটোৰ ফলত তুৰ্কীৰ বিস্তৰ ক্ষতিসাধন। তুৰ্কীছ মন্ত্ৰী চুলেইমানে কোৱা অনুসৰি অন্য ঠাই সমূহৰ লগতে চহৰখনতো ব্যাপক ক্ষয়-ক্ষতি হৈছে। চহৰৰ মাজমজিয়াৰ মুঠ ১০টাকৈ অট্টালিকা সম্পূৰ্ণৰূপে ধ্বংস্তুপত পৰিণত হৈছে।

    তুৰ্কীকে ধৰি ভুমিকম্পৰ এই কম্পন অনুভূত হয় ইৰাণ, চিৰিয়া, জিয়’ৰজীয়া আৰু আৰমেনিয়াটো। অৱশ্য়ে অন্য ঠাই সমূহত তুৰ্কীৰ নিচিনাকৈ ক্ষয়-ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে।

    Photo: CNN.com and dw.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং