33 C
Guwahati
Saturday, October 9, 2021
More

    যান–বাহন পৰিবহন আইন ভংগ কৰি ৬ লাখ ৫৩ হাজাৰৰ জৰিমনা, কিন্তু কোনে বিহিলে এই জৰিমনা?

    যান–বাহন পৰিবহন আইন ভংগ কৰি ৬ লাখ ৫৩ হাজাৰৰ জৰিমনা, কিন্তু কোনে বিহিলে এই জৰিমনা?

    যান–বাহন পৰিবহন আইন ভংগ কৰাৰ বাবে নাগালেণ্ডৰ এজন ট্ৰাক মালিকে বিহিব লাগিব ৬ লাখ ৫৩ হাজাৰ টকাৰ জৰিমনা। Modified Motor Vehicle Act জাৰি হোৱাৰ পিছত এই জৰিমনাই গঢ়িছে অভিলেখ। কিন্তু ট্ৰাক মালিকজনে পুৰণি Motor Vehicle Act অনুসৰিহে জৰিমনা বিহিব লাগিব। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে চালানৰ এখন ফটো।

    পৰিবহন বিষয়াই জনোৱা অনুসৰি, ১০ আগষ্টত যান-বাহন আইন ভংগ কৰাৰ সময়ত ট্ৰাকখন ধৰিছিল। সম্বলপুৰত সংঘটিত হৈছিল এই ঘটনা। ট্ৰাকখনৰ সকলো কাগজ-পত্ৰ তদন্ত কৰোতে ওলাই পৰিল যে ২০১৪ৰ জুলাই মাহৰ পৰা ট্ৰাকখনৰ কৰ আদায় হোৱা নাছিল। যাৰ বাবে প্ৰথমে Odisha Motor Vehicle Taxation Actৰ আধাৰত ৬ লাখ ৪০ হাজাৰ টকাৰ জৰিমনা নিৰ্ধাৰণ কৰা হ’ল। ইয়াৰোপৰি ট্ৰাক মালিকৰ লগত নাছিল বীমা, প্ৰদূষণ প্ৰমাণ পত্ৰ আৰু অনুজ্ঞা-পত্ৰ। ট্ৰাক মালিকে ট্ৰাকত যাত্ৰীও বহোৱাই ৰাখিছিল। এই সকলো ট্ৰাফিক নিয়ম উলংঘা কৰাৰ বাবে ট্ৰাক মালিকক বিহা হৈছিল ৬ লাখ ৫৩ হাজাৰ টকা।

    ট্ৰাক মালিকে বৰ্তমানলৈ বিহা নাই জৰিমনা

    সম্বলপুৰৰ RTOৰ অনুসৰি বৰ্তমানলৈও ট্ৰাক মালিকে বিহা নাই জৰিমনা। যাৰ বাবে এতিয়াও ট্ৰাকখন আৰক্ষী চকীতে আছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং