19 C
Guwahati
Tuesday, December 7, 2021
More

    বৰপেটাত ট্ৰাক হাইজেক কাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত ৩জনক গ্ৰেপ্তাৰ

    বৰপেটা জিলাৰ সৰ্থেবাৰীৰ মাজদিয়াত সংঘটিত ট্ৰাক হাইজেক কাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত

    মাজদিয়া আৰক্ষীয়ে তীব্ৰতৰ অভিযান চলাই শনিবাৰে নিশা পুনৰ ৩জনক গ্ৰেপ্তাৰ কৰে।

    ধৃত লোক তিনিজন ক্ৰমে চতলাৰ আমজাদ আলী (৪২), মাজদিয়াৰ ফুলচান খান ওৰফে পণ্ডিত(৩৫)

    আৰু মাজদিয়া ৰিজাৰ্ভৰ জাকিৰ আলী(৫৬) বুলি জানিব পৰা গৈছে।

    তিনিওজনক দেওবাৰে মাজদিয়া আৰক্ষীয়ে বৰপেটা আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে জেললৈ প্ৰেৰণ কৰে।

    বৰপেটা জিলাৰ উপ-আৰক্ষী অধীক্ষক (সদৰ) সমীৰণ বৈশ্যৰ তৎপৰতাত মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বীৰেন কলিতাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে

    তিনিওজনকে নিজ নিজ গৃহৰ পৰা দেওবাৰে গ্ৰেপ্তাৰ কৰে।

    ২৩ জুনত গ্ৰেপ্তাৰ কৰা ট্ৰাকখনৰ চালক ছহিদুল ইছলামৰ স্বীকাৰোক্তিৰ ভিত্তিতে মাজদিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিওজনক।

    উল্লেখ্য যে বিগত ১৪ জুনৰ নিশা মাজদিয়াত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ট্ৰাক হাইজেকৰ ঘটনা।

    চালক ছহিদুলৰ সহযোগত হাইজেকৰ নাটক কৰি ডকাইতি কাণ্ড সংঘটিত কৰিছিল দুৰ্বৃত্তৰ দলে।

    লখৰাৰ আইটিচিৰ পৰা শিৱসাগৰলৈ বিভিন্ন খাদ্য-সামগ্ৰী কঢ়িওৱা AS01-HC 4090. নম্বৰৰ ছয়চকীয়া ট্ৰাকখন চালকজনৰ সহযোগতে মাজদিয়ালৈ হাইজেক কৰি আনে দুৰ্বৃত্তৰ দলে।

    ডকাইতি কাণ্ডটোত জড়িত থকা দুৰ্বৃত্তৰ দলটোক নেতৃত্ব দিয়ে মাজদিয়াৰ আলতাফ খান নামৰ এটা দুৰ্বত্তই।

    হাইজেক কাণ্ডৰ মূল অভিযুক্ত তথা মাষ্টাৰ মাইণ্ড আলতাফ খান পলাতক।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং