31 C
Guwahati
Tuesday, October 4, 2022
More

    উত্তৰ পূৱৰ আমেৰিকাত পৰিণত ত্ৰিপুৰা, অতি ক্ষিপ্ৰতাৰে বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্তৰ সংখ্যা

    ইয়াৰে ১০০ ৰো অধিক আক্ৰান্ত কেৱল BSF জোৱান

    কৰ’ণাই অতি ভয়ংকৰ ৰূপ লৈছে অসমৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত। মাথো কেইটামান দিনৰ ভিতৰতে ৰাজ্য খনত কৰ’ণা আক্ৰান্তৰ সংখ্যা ২ জনৰ পৰা বৃদ্ধি পাই হৈছেগৈ ১৩২ গৰাকী। ৰাজ্যখনত এই কৰ’ণাই ভয়ংকৰ ৰূপ ধাৰণ কৰি সন্ত্ৰাস বিয়পাইছে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ ওপৰত অধিক।

    ৰাজ্য খনত কালি নিশা পুনৰ ১৭জনৰ দেহত ধৰা পৰে কভিড-১৯ৰ উপস্থিতি। আম্বাছাস্থিত 86 বেটেলিয়নৰ BSF কেম্পত আক্ৰান্ত হৈছে। জোৱানকেইজন। ইয়াৰ পূৰ্বেও ৮ মে’ৰ দিনা একেটা BSF কেম্পতে ২৫ জন জোৱান আক্ৰান্ত হোৱা খবৰ লাভ কৰা গৈছিল। সেই একেটা কেম্পতে তাৰ আগৰ দিনা অৰ্থাৎ ৭ মে’ৰ দিনা ২৪ জন জোৱানৰ শৰীৰত ধৰা পৰিছিল মহামাৰী কৰ’ণা।

    ৰাজ্যখনত বৰ্তমানে ১০০ৰো অধিক কৰ’ণা আক্ৰান্ত লোক কেৱল BSF জোৱান। এই সকলো তথ্য টুইটযোগে জনাইছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে। ৰাজ্যখনত বৰ্তামানে ২ জন সুস্থ হৈ উঠাৰ বিপৰীতে বাকি সকল চিকিৎসাধীন হৈ আছে।

    Photo Credit: WhatsHOT

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং