29 C
Guwahati
Saturday, October 23, 2021
More

    Big Breaking:নাহৰকটীয়াত ৰে’ল দুৰ্ঘটনা; ৪ দিনলৈ বাতিল নামনিমুৱা ৰে’লৰ চলাচল

    কালি মেৰামতি কৰা হৈছিল দুৰ্ঘটনা সংঘটিত হোৱা তিনিচুকীয়া নাহৰকটীয়া ৰে'ল লাইন। মেৰামতি কৰা ৰে'ল লাইনতে আজি পুৱতি নিশা সংঘটিত হয় ৰে'ল দুৰ্ঘটনা

    ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত সংঘটিত হৈছে এক ৰেল দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত হৈছে তিনিচুকীয়াৰ পৰা গুৱাহাটী অভিমুখে যোৱা নামনিমুৱা এখন মালবাহী ৰে’ল। দেওবাৰে পুৱতি নিশা সংঘটিত হৈছে এই ঘটনা। লাইনচ্যুত হৈ ক্ষতিগ্ৰস্ত হৈছে মালবাহী ৰে’লখনৰ ৭ টাকৈ ডবা। দাইলৰ লগতে অন্যান্য খাদ্য সামগ্ৰী কঢ়িয়াই নিয়া হৈছিল ৰে’লখনৰ ডবা কেইটাত।

    Photo : Time8

    কালি মেৰামতি কৰা হৈছিল দুৰ্ঘটনা সংঘটিত হোৱা তিনিচুকীয়া নাহৰকটীয়া ৰে’ল লাইন। মেৰামতি কৰা ৰে’ল লাইনতে আজি পুৱতি নিশা সংঘটিত হয় ৰে’ল দুৰ্ঘটনা। ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হৈছে ৰে’ল বিভাগৰ উচ্চপদস্থ বিষয়াসকল। দুৰ্ঘটনাৰ বাবে সম্পূৰ্ণ ক্ষতিগ্ৰস্ত হৈছে ৰে’ল লাইন। ৪ দিনৰ বাবে বন্ধ থাকিব নামনিমুৱা সকলো ৰে’লৰ চলাচল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং