19 C
Guwahati
Monday, February 6, 2023
More

    ৰঙালী বিহুৰ দিনাই যোৰহাটত শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন

    নিহত লোকজনৰ নাম প্ৰাঞ্জল বৰা। আহত দুজনৰ নাম ক্ৰমে ৰক্তিম বৰা আৰু হিমাদ্ৰী কিশোৰ বৰা

    ৰঙালী বিহুৰ দিনটোতে যোৰহাটৰ চাৰিগাওঁ বাইপাচত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা।দুৰ্ঘটনাটোত থিতাতে নিহত এজন লোক আৰু দুজন লোক গুৰুতৰভাৱে আহত। নিহত লোকজনৰ নাম প্ৰাঞ্জল বৰা। আহত দুজনৰ নাম ক্ৰমে ৰক্তিম বৰা আৰু হিমাদ্ৰী কিশোৰ বৰা।

    আহত দুয়োজন লোককে ততাতৈয়াকৈ সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়। তিনিওজন এএচ০৪ পি ৮৪০২ নম্বৰৰ এখন স্কুটিত আহিছিল। দুৰ্ঘটনাটো কেনেদৰে সংঘটিত হ’ল বৰ্তমানলৈও জানিব পৰা হোৱা নাই। ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় মৃত লোকজনৰ দেহ মৃত লোকজনৰ দেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

    Photo: Time8

    Input: Rituraj Phukan

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং