25 C
Guwahati
Thursday, October 21, 2021
More

    নিয়ন্ত্ৰণ হেৰুৱাই দ-খাৱৈত পৰিল টাটা টিয়াগো গাড়ী, এজন নিহত

    গুৰতৰভাৱে আহত হোৱা বাহনখনৰ চালকজনক গহপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়

    গহপুৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। বালিজান ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত কাষতে থকা দ’ খাৱৈত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে এখন বাহন। দুৰ্ঘটনাটোত এজন লোক নিহত। মৃত লোকজনৰ নাম প্ৰকাশ শৰ্মা। লোকজন নাহৰ লগুন এক্সিছ বেংকৰ কৰ্মচাৰী আছিল। গুৰুতৰভাৱে আহত হোৱা বাহনখনৰ চালকজনক গহপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

    বিশ্বনাথ জিলাৰ জিনজিয়াৰ পৰা নাহৰলগুনলৈ আহি থকা অৱস্থাত AS-12 T-8022 নম্বৰৰ টাটা টিয়াগো গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে দ’ খাৱৈত। চাৰিলেনযুক্ত পথছোৱাৰ নিৰ্মাণৰ কাম চলি থকাত পথৰ কিছু অসুবিধা হোৱাৰ বাবে এই পথ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং