বকোৰ জাৰাপাৰাত ভয়াৱহ পথ দুৰ্ঘটনা। যাত্ৰীবাহী আলট্ৰা বাছৰ সৈতে মুখামুখি সংঘৰ্ষ বাইক আৰোহীৰ।
দুৰ্ঘটনাটোত থিতাতে কৰুণ মৃত্যুক সাৱটি লয় বাইক আৰোহীজনে। বহু সময় বাছৰ তলত আৱদ্ধ হৈ আছিল মৃতদেহটো।
নিহত বাইক আৰোহীজনৰ নাম পবিত্ৰ ৰাভা। পবিত্ৰ ৰাভা অৱসৰপ্ৰাপ্ত ভাৰতীয় সেনা। ঘৰ বকোৰ চকাবাহাত।
দুৰ্ঘটনাটোৰ পিছতে বৈদ্যুতিক খুঁটা ভাঙি বাছ পৰি যায় খাৱৈত। দুৰ্ঘটনাস্থলীত ততাতৈয়াকৈ বকো আৰক্ষী উপস্থিত হয়।

গুৱাহাটী অভিমুখী আলট্ৰা বাছখনৰ নম্বৰ AS01-EC-9868। দুৰ্ঘটনাত পতিত বাইকখনৰ নম্বৰ AS01-AM-4156।
বকো ব্লকৰ ৬৯ নং গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।
Photo: Time8