27 C
Guwahati
Monday, November 29, 2021
More

    কৰুণ ঘটনা, শৌচালয়ৰ টেংকীত ৩ শ্ৰমিকৰ মৃত্যু

    বৰপেটা ৰোডত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। নিৰ্মীয়মান অট্টালিকাৰ শৌচাগাৰৰ টেংকীত আৱদ্ধ হৈ কৰুণ মৃত্যুক সাবটি ল’লে ৩জনকৈ শ্ৰমিকে। মৃত শ্ৰমিককেইজন ক্ৰমে ৰংদিয়াপাৰা গাঁৱৰ ৰফিকুল ইছলাম, মাজগাঁৱৰ আছৰুদ্দিন আৰু হাউলী কুজাৰপীঠৰ আকমত আলী বুলি চিনাক্ত।

    বৰপেটা ৰোডত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। নিৰ্মীয়মান অট্টালিকাৰ শৌচাগাৰৰ টেংকীত আৱদ্ধ হৈ কৰুণ মৃত্যুক সাবটি ল’লে ৩জনকৈ শ্ৰমিকে। মৃত শ্ৰমিককেইজন ক্ৰমে ৰংদিয়াপাৰা গাঁৱৰ ৰফিকুল ইছলাম, মাজগাঁৱৰ আছৰুদ্দিন আৰু হাউলী কুজাৰপীঠৰ আকমত আলী বুলি চিনাক্ত। সুকমল কৰ্মকাৰ নামৰ জুৱেলাৰী ব্যৱসায়ীৰ নিৰ্মীয়মান অট্টালিকাত ঘটে শোকাৱহ ঘটনাটো।

    শৌচাগাৰৰ টেংকী নিৰ্মাণৰ সময়তে টেংকীৰ ভিতৰলৈ সোমাই যায় এজন, ওপৰত ৰৈ আছিল আনকেইজন শ্ৰমিক। কিছু সময়ৰ পিছত টেংকীৰ ভিতৰলৈ যোৱা শ্ৰমিকজনৰ মাত নুশুনাত নামি যায় আন এজন শ্ৰমিক। সেইজনৰো কোনো সঁহাৰি নোপোৱাত লগে লগে আৰু এজন শ্ৰমিক নামি যায় টেংকীটোত। তিনিওজনৰে কোনো মাত-বোল নোপোৱাত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ। আন লোকক খবৰটো দিয়েগৈ ওপৰতে ৰৈ থকা আনজন শ্ৰমিকে। লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ দল।

    ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী-অগ্নিনিৰ্বাপক বাহিনীয়ে টেংকীৰ পানীত উপঙি থকা প্ৰত্যক্ষ কৰে তিনিওজন শ্ৰমিকৰ মৃতদেহ। আৰু কিছু সময়ৰ পিছত এন ডি আৰ এফৰ দল উপস্থিত হৈ উদ্ধাৰ কৰে শ্ৰমিকৰ মৃতদেহকেইটা। টেংকীটোৰ ভিতৰত অক্সিজেনৰ অভাৱৰ বাবেই অসুস্থ হৈ শ্ৰমিক তিনিজন টেংকীত থকা পানীত বুৰি মৃত্যু হোৱাৰ সন্দেহ। সমগ্ৰ ঘটনাটোক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং